• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অলিম্পিকত মহিলা বক্সিঙত নমা খেলিভ সঁচাকৈয়ে মহিলা নহয় নেকি? বক্সাৰ ইমান খালিফৰ লিংক বিতৰ্ক আকৌ তুংগত

অলিম্পিকত মহিলা বক্সিঙত নমা খেলিভ সঁচাকৈয়ে মহিলা নহয় নেকি? বক্সাৰ ইমান খালিফৰ লিংক বিতৰ্ক আকৌ তুংগত

2 years ago
মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

3 hours ago
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

3 hours ago
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

4 hours ago
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

4 hours ago
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

4 hours ago
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

5 hours ago
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

5 hours ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

5 hours ago
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

6 hours ago
টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

6 hours ago
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

7 hours ago
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অলিম্পিকত মহিলা বক্সিঙত নমা খেলিভ সঁচাকৈয়ে মহিলা নহয় নেকি? বক্সাৰ ইমান খালিফৰ লিংক বিতৰ্ক আকৌ তুংগত

অলিম্পিকত মহিলা বক্সিঙত নমা খেলিভ সঁচাকৈয়ে মহিলা নহয় নেকি? বক্সাৰ ইমান খালিফৰ লিংক বিতৰ্ক আকৌ তুংগত

editor by editor
November 6, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব
0
অলিম্পিকত মহিলা বক্সিঙত নমা খেলিভ সঁচাকৈয়ে মহিলা নহয় নেকি? বক্সাৰ ইমান খালিফৰ লিংক বিতৰ্ক আকৌ তুংগত
0
SHARES
308
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বক্সিং ৰিঙত নামি ৪৬ ছেকেণ্ডৰ ভিতৰতেই নাম প্ৰত্যাহাৰ৷ ইটালীৰ মহিলা বক্সাৰ এঞ্জেলিনা কাৰিনিয়ে পেৰিছ অলিম্পিকত লৈছিল এই সিদ্ধান্ত৷ আঘাত লগাৰ কাৰণে এই সিদ্ধান্ত ল’বলৈ বাধ্য হৈ পৰিছে বুলি জনালেও তেওঁ ৰিং এৰি যোৱাক লৈ তৈয়াৰ হৈছিল এক নতুন বিতৰ্ক৷ কাৰিনি খেলত নামিছিল আলজেৰিয়াৰ ইমান খেলিফৰ বিৰুদ্ধে৷ কিন্তু এই ইমান খেলিফক লৈয়েই উঠিছিল তেতিয়াই একাধিক প্ৰশ্ন৷

২০২৩চনত বিশ্ব চেম্পিয়নশ্বিপত খেলিফে নিজকে মহিলা বুলি প্ৰমাণ কৰিব নোৱাৰিলে৷ কিন্তু বিশ্ব অলিম্পিক্স সংস্থাই খেলিফক খেলিবলৈ দিয়ে৷ কাৰিনিয়ে এই সন্দৰ্ভত কয়, ‘খেলিফৰ ঘোচাত প্ৰচণ্ড জোৰ আছে৷ নিজৰ সমগ্ৰ কেৰিয়াৰত ইমান জোৰে ঘোচা কাৰোপৰা খোৱা নাই৷ আনকি ৪৬ ছেকেণ্ডৰ যুঁজত কাৰিনিৰ নাকৰ পৰা তেজ ওলাই আহে৷ ৰিঙৰ মাজতেই তেওঁ কান্দোনত ভাঙি পৰে৷

২০২২ চনত খেলিফ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক পাইছিল৷ আন্তৰ্জাতিক বক্সিং সংস্থাই জনোৱা অনুসৰি তেওঁ মহিলা হিচাপে নিজকে প্ৰমাণ কৰিব নোৱাৰিলে৷ বিগত বছৰত সেয়ে দিল্লীত বিশ্ব চেম্পিয়নশ্বিপত তেওঁৰ মেচ বাতিল হৈছিল৷ কিন্তু অলিম্পিক্স সংস্থাই খেলিফৰ খেলাৰ অনুমতি দিয়ে৷

ইটালীৰ মহিলা বক্সাৰে ৪৬ ছেকেণ্ডত নাম তুলি লোৱাৰ পাছতেই আকৌ এবাৰ খেলিফক লৈ উঠিছে প্ৰশ্ন৷ হেৰি পটাৰৰ লেখিকা জে কে ৰাওলিঙে এই সন্দৰ্ভত কয়, ‘এজন পুৰুষে এগৰাকী মহিলাক মাৰিছে, বিনোদনৰ বাবে সেয়া আপোনালোকে ল’ব পাৰে কিন্তু এয়া উচিত হোৱা নাই৷’ কেৰিনিয়ে মেচত শেষতো খেলিফৰ সৈতে হেণ্ডচেক নকৰিলে৷

বক্সিঙৰ এটা মেচত তিনিটাকৈ ৰাউণ্ড থাকে৷ প্ৰতিটো ৰাউণ্ড হয় ৩মিনিটৰ বাবে৷ কিন্তু মেচ আৰম্ভ হোৱাৰ ৪৬ছেকেণ্ডৰ পাছতেই নেখেলো বুলি হাত দাঙি দিয়ে কেৰিনিয়ে৷ খেলিফৰ ঘোচাত নাকৰ পৰা তেজ ওলোৱা আৰম্ভ হৈছিল কেৰিনিৰ৷ কেৰিনিয়ে কয়, ‘মোৰ নাকত প্ৰচণ্ড জোৰত ঘোঁচা পৰিছিল৷ এটা পাঞ্চতেই নাকেৰে তেজ ওলাই আহে৷ সেয়ে ভাৱিলো মই নেখেলাটোৱেই ভাল হ’ব৷’

এই ঘটনাত অসন্তুষ্ট হৈছিল ইটালীৰ প্ৰধানমন্ত্ৰীও৷ জিয়োৰাজিয়া মেলোনিয়ে ঘটনাক লৈ কৈছিল, ‘মোৰ মতে সকলো খেলুৱৈকে জীনগতভাৱে মহিলা নে পুৰুষ সেই পৰীক্ষা কৰিহে ইভেণ্টত নামিবলৈ দিব লাগে৷ কাকো পৃথক কৰিবলৈ এই কথা কোৱা নাই৷ মহিলাৰ সুৰক্ষাৰ কথা ভাৱিহে এই কথা কৈছো৷ তেওঁলোকক নিজৰ মাজত যুঁজ কৰাৰ সুযোগ পাবৰ বাবেই এই কথা কৈছো৷’

খেলিফৰ লৈ বহু প্ৰশ্ন উত্থাপণ হোৱাৰ পাছতেই মুখ খুলিছে আন্তৰ্জাতিক অলিম্পিক সংস্থাৰ মুখপাত্ৰ মাৰ্ক এডামে৷ তেওঁ কয়, ‘ছোৱালীৰ খেলত যিসকল নামিছে সকলোবোৰেই মহিলা৷ প্ৰত্যেকৰে পাছপৰ্টত মহিলা বুলিয়েই উল্লেখ আছে৷ সেয়ে তেওঁলোকক খেলিবলৈ দিয়া হৈছে৷’ আলজেৰিয়াৰ অলিম্পিক সংস্থাৰ এজন সদস্যই কয়, ‘আমাৰ খেলুৱৈসকলক অন্যায়ভাৱে আক্ৰমণ কৰা হৈছে৷ বিদেশী সংবাদমাধ্যমেই এই কাম কৰিছে৷’

আন্তৰ্জাতিক বক্সিং সংস্থাই এই সন্দৰ্ভত জনাই যে, খেলিফা জিনগতভাৱে পুৰুষ৷ তেওঁলোকৰ পক্ষৰ পৰা এই দাবী কৰা হৈছিল৷ কিন্তু খেলিফাই তেওঁলোকক এই কথাৰ বাবেই কোৰ্ট অফ আৰবিট্ৰেছন ফৰ স্পৰ্টছত গোচৰ তৰে৷ পাছলৈ অৱশ্যে তেওঁ সেই গোচৰ নিজেই উঠাইয়ো লয়৷ তাৰপাছতেই অলিম্পিকৰ মহিলা বিভাগত খেলিবলৈ পেৰিছলৈ যায় খেলিফা৷

শেহতীয়াকৈ অৰ্থাৎ কালি ফৰাছী সাংবাদিকে প্ৰকাশ কৰিছে এটা স্বাস্থ্যজনিত ৰিপৰ্ট৷ সেই ৰিপৰ্টত দেখা গৈছে যে ইমান খেলিফ এজন পুৰুষ৷ তেওঁৰ পুৰুষৰ দৰেই গুপ্তাংগ আছে, অণ্ডকোষো আছে৷ আছে এক্স আৰু ৱাই ক্ৰমজমো৷ ইয়াৰ অৰ্থ হৈছে ফাইভ আলফা ৰিডাক্টেছৰ ঘাটি তেওঁৰ শৰীৰত আছে৷ অৰ্থাৎ যি জন্মৰ পূৰ্বে আৰু বয়ঃসন্ধিৰ সময়ত পুৰুষৰ যৌন বিকাশক প্ৰভাৱিত কৰে৷ সেই ৰিপৰ্ট ২০২৩ চনৰ পেৰিছ আৰু আলজিৰিয়াৰ দুখন হাস্পতালৰ নামি এদল চিকিৎসকে কৰিছিল৷ তাত জৰায়ু অনুপস্থিত আৰু সৰু পুৰুষাংগৰ প্ৰমাণ পোৱা গৈছিল৷ সেই দুই ৰিপৰ্টৰ সময়তেই চিকিৎসকে তেওঁক পৰামৰ্শ দিছিল অস্ত্ৰোপছাৰৰ৷ যাতে লিংগ পৰিচয়জাতীয় বিতৰ্ক শেষ হয়৷

২০২৩ চনত দিল্লীত আয়োজিত বিশ্ব বক্সিঙৰ ফাইনেলত তেওঁক নামিবলৈ দিয়া নহয়৷ তেতিয়াৰে পৰাই সেই বিতৰ্ক চলি আছে৷ পেৰিছ অলিম্পিকৰ সময়ত কিন্তু ইমান খালিফক লৈ কম বিতৰ্ক হোৱা নাছিল৷ পিয়েৰ্ছ মৰ্গানৰ পৰা আৰম্ভ কৰি ডোনাল্ড ট্ৰাম্প, সকলোৱেই লিংগ বিতৰ্কক লৈ ক্ৰীড়া নীতিৰ পৰিবৰ্তনৰ কথা কৈছিল৷ কিন্তু তাতো ওলোটা খালিফকহে সহায় কৰে৷ নিজকে প্ৰতিষ্ঠা কৰে বক্সিঙৰ দুনীয়াত৷ খালিফে কৈছে, ‘মই কন্যা সন্তান হৈ জন্মিছো, কন্যা সন্তান হিচাপেই ডাঙৰ হৈছো৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ
জীৱনশৈলী

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

June 6, 2026
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক
জীৱনশৈলী

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

June 6, 2026
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে
ভাৰত

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

June 6, 2026
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!
জীৱনশৈলী

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

June 6, 2026
Next Post
বুধবাৰ কেনে হ’ব দিনটো? আপোনাৰ কৰ্মক্ষেত্ৰত আহিব পাৰে বৃহৎ পৰিবৰ্তন

বুধবাৰ কেনে হ’ব দিনটো? আপোনাৰ কৰ্মক্ষেত্ৰত আহিব পাৰে বৃহৎ পৰিবৰ্তন

১দিন পাছতেই গুৰুগ্ৰহৰ ৰাশিত শুক্ৰ, সূৰ্যৰ দৰে জিলিকি উঠিব ৫ৰাশিৰ ভাগ্য

১দিন পাছতেই গুৰুগ্ৰহৰ ৰাশিত শুক্ৰ, সূৰ্যৰ দৰে জিলিকি উঠিব ৫ৰাশিৰ ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.