ডিজিটেল ডেস্কঃ বছৰটো শেষ হবলৈ আৰু মাত্ৰ কেইটামান দিন। বছৰটোৰ শেষৰফালে আপোনাৰো ছাগে বহু কাম শেষ কৰাৰ প্লেন আছে। কিন্তু ৩১ডিচেম্বৰৰ পূৰ্বে অন্য কামৰ লগতে তলত উল্লেখ কৰা কামকেইটা কৰিবলৈ ভুলতো নাপাহৰিব। যদিহে পাহৰে, লোকচান কিন্তু আপোনাৰেই।
১. যিসকল গ্ৰাহকে ষ্টেট বেংক আৰু বেংক অৱ বৰোদাৰ লকাৰত বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী জমা ৰাখিছে। সেই সকল গ্ৰাহকে ৩১ডিচেম্বৰৰ পূৰ্বে বেংকৰ নতুন এগ্ৰিমেন্টত চহী কৰিব লাগিব। যদিহে নকৰে তেনেহলে তেওঁলোকে লকাৰত থকা সামগ্ৰী উলিওৱাক লৈ অসুবিধাত পৰিব পাৰে। এই ক্ষেত্ৰত এই দুয়োটা বেংকৰ কৰ্তৃপক্ষই গ্ৰাহকসকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত এই কাৰ্য সম্পন্ন কৰিবলৈ আহ্বান জনাইছে।
২. ৩১ডিচেম্বৰৰ পূৰ্বে বন্ধ হৈ পৰিব পাৰে আপোনাৰ বেংক একাউন্টৰ UPI ID। যদিহে আপুনি UPI ID বিগত এবছৰে ব্যৱহাৰ নকৰাকৈ ৰাখিছে, তাক নতুনকৈ নৱীকৰণ কৰাৰ ডেডলাইন হৈছে ৩১ডিচেম্বৰ। ৩১ডিচেম্বৰৰ পূৰ্বে আপোনাৰ UPI ID নৱীকৰণ নকৰিলে আপুনি হেৰুৱাব আপোনাৰ UPI ID।
৩. ইনকম টেক্স ৰিৰ্টান ফাইল কৰাৰ শেষ সময়সীমা ৩১ ডিচেম্বৰ। পূৰ্বে এই সময়সীমা ৩১জুলাই, ২০২৩ আছিল যদিও যিসকলে ফাইল কৰিব নোৱাৰিলে তেওঁলোকৰ বাবে শেষ সুযোগ হৈছে ৩১ডিচেম্বৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ