• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

1 hour ago
কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

17 minutes ago
এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

2 hours ago
বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

11 hours ago
এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

11 hours ago
Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

12 hours ago
পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

12 hours ago
বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

14 hours ago
বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

15 hours ago
এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

15 hours ago
COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

16 hours ago
আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

16 hours ago
চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

Air Force Rankingৰ শীৰ্ষত আমেৰিকা

editor by editor
June 19, 2026
in প্ৰযুক্তি, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?
0
SHARES
321
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চীনৰ পিপলছ লিবাৰেচন আৰ্মি এয়াৰ ফ’ৰ্চে ৰাছিয়াক অতিক্ৰম কৰি বিশ্বৰ দ্বিতীয় বৃহত্তম আৰু শক্তিশালী বায়ুসেনা হিচাপে পৰিগণিত হৈছে। সামৰিক শক্তিৰ বৈশ্বিক ভাৰসাম্যত হোৱা অন্যতম গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হিচাপে ইয়াক ধৰা হৈছে। সম্প্ৰতি আমেৰিকাৰ পিছতে চীনৰ হাতত আছে সবাটোকৈ আধুনিক যুদ্ধবিমান। অ’পেন-ছ’ৰ্চ মিলিটাৰী এভিয়েশ্যন অনুসৰি চীনৰ হাতত ১১০ৰ পৰা ১৩০টা ফাইটাৰ ফৰ্মেচন আছে, য’ত প্ৰায় ২,০০০ৰ পৰা ২,৫০০খন যুদ্ধ বিমান অন্তৰ্ভুক্ত। কেৱল সংখ্যাৰ ফালৰ পৰাই নহয়, চীনে নিজৰ যুদ্ধবিমানসমূহৰ গুণগত মান আৰু প্ৰযুক্তিগত সক্ষমতাও অবিৰতভাৱে উন্নত কৰি আছে, যাৰ ফলত দেশখন ধীৰে ধীৰে আমেৰিকাৰ সমকক্ষ শক্তি হিচাপে নিজকে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে।

চীনৰ বায়ুসেনাই পিছ পেলালে ৰাছিয়াক

বিশ্বৰ দ্বিতীয় বৃহত্তম বায়ুসেনা হিচাপে চীনৰ উত্থান কোনো আকস্মিক ঘটনা নহয়; ই হৈছে প্ৰায় এক দশকজুৰি চলি অহা এক সুপৰিকল্পিত কৌশলৰ ফল। এই সময়ছোৱাত চীনে নিজৰ ঘৰুৱা এৰোস্পেচ উদ্যোগক ব্যাপকভাৱে আধুনিকীকৰণ কৰিছে। উৎপাদন ক্ষমতা বৃদ্ধিৰ লগতে ইণ্টিগ্ৰেটেড চেন্সৰ যুদ্ধ ব্যৱস্থা, ষ্টেল্থ বিমান আৰু ইলেক্ট্ৰনিক যুদ্ধ প্ৰযুক্তিৰ বিকাশত বিশেষ গুৰুত্ব দি আহিছে চীনে। বিশেষকৈ ইণ্ডো-পেচিফিক অঞ্চলত সম্ভাৱ্য শক্তিশালী প্ৰতিদ্বন্দ্বীৰ সৈতে সংঘাতৰ সম্ভাৱনাক মনত ৰাখিয়েই এই উন্নয়নমূলক পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছে। বৰ্তমান এই অঞ্চলত সামৰিক শক্তিৰ ক্ষেত্ৰত চীনৰ সমকক্ষ কোনো দেশ নাই। বিশ্ব পৰিসৰত চীনৰ মুখামুখি হ’ব পৰা প্ৰধান মহাশক্তি হৈছে আমেৰিকা আৰু ৰাছিয়া।

চীন বনাম ৰাছিয়াৰ বায়ুসেনা

বিভিন্ন প্ৰতিৰক্ষা আৰু বায়ুসেনাৰ বিমান চলাচল বিষয়ক তথ্য অনুসৰি, চীনৰ PLAAFৰ হাতত মুঠ প্ৰায় ৩,৭৩৩ খন বিমান আছে। ইয়াৰ ভিতৰত ২,১৮৪তকৈও অধিক যুদ্ধ সক্ষম প্লেটফৰ্ম আৰু প্ৰায় ২,০০০খন যুদ্ধবিমান অন্তৰ্ভুক্ত। এই বিমানসমূহ তাইৱান, দক্ষিণ চীন সাগৰ, জাপান আৰু পশ্চিম প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বিভিন্ন অপাৰেচনেল থিয়েটাৰত নিয়োজিত আছে। ইয়াৰ বিপৰীতে, ৰাছিয়াৰ এয়াৰ’স্পেচ ফ’ৰ্চৰ হাতত অনুমানিক ১,৩০০ৰ পৰা ১,৫০০খন যুদ্ধবিমান আছে। ইউক্ৰেইন যুদ্ধ, নাটোৰ সৈতে চলি থকা উত্তেজনা, দীৰ্ঘদিনীয়া ক্ষতি, ঔদ্যোগিক বাধা আৰু বিভিন্ন নিষেধাজ্ঞাৰ ফলত ৰাছিয়াৰ সামৰিক বিমান শক্তি কিছু পৰিমাণে পূৰ্বৰ তুলনাত হ্ৰাস পাইছে।

এই ৰেংকিঙত ভাৰতীয় বায়ুসেনাৰ স্থান কিমান?

WDMMAৰ গ্ল’বেল এয়াৰ পাৱাৰ ৰেংকিং অনুসৰি, ভাৰতীয় বায়ুসেনা (IAF) বিশ্বৰ চতুৰ্থ বৃহত্তম বায়ুসেনা। এই ৰেংকিং কেৱল বিমানৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা নহয়। ইয়াত ‘True Value Rating (TvR)’ নামৰ এক বিশেষ মূল্যায়ন পদ্ধতি ব্যৱহাৰ কৰা হয়, য’ত বিমানৰ আধুনিকতা, লজিষ্টিক সুবিধা, পাইলটসকলৰ প্ৰশিক্ষণ আৰু স্থানীয় উৎপাদন ক্ষমতা (যেনে তেজস যুদ্ধবিমানৰ নিৰ্মাণ) আদি বিষয়সমূহ বিবেচনা কৰা হয়। WDMMA আৰু Flight Globalৰ তথ্য অনুসৰি ভাৰতীয় বায়ুসেনাৰ হাতত যুদ্ধবিমান, পৰিবহণ বিমান, হেলিকপ্টাৰ আৰু প্ৰশিক্ষণ বিমান মিলাই মুঠ প্ৰায় ১,৭০০ৰ পৰা ১,৯০০খন সামৰিক বিমান আছে। ইয়াৰ ভিতৰত ৫০০খনতকৈ অধিক হৈছে যুদ্ধবিমান।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: airforceasom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা
ভাৰত

কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

June 19, 2026
এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ
বিবিধ

এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

June 19, 2026
বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!
বিনোদন

বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

June 18, 2026
এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি
অপৰাধ

এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

June 18, 2026
Next Post
কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.