এক ঐতিহাসিক ৰায় প্ৰদান কৰিছে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে৷ ঘৰুৱা বিবাদৰ এটা গোচৰৰ শুনানি গ্ৰহণ কৰি মাদ্ৰাছ উচ্চ ন্যায়ালয়ে পত্নীক অত্যাচাৰ কৰা এগৰাকী স্বামীক ঘৰৰ পৰা ওলাই যাব লাগে বুলি ৰায় প্ৰদান দিছে।
মাদ্ৰাজ উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনত মহিলাগৰাকীয়ে অভিযোগ কৰিছিল যে তেওঁৰ স্বামীয়ে তেওঁৰ লগত ভাল ব্যৱহাৰ কৰা নাই। মহিলাগৰাকীয়ে আদালতত কয় যে প্ৰায়ে স্বামী অনিয়ন্ত্ৰিত আৰু অত্যন্ত কঠোৰ হয়, যাৰ ফলত ঘৰৰ শান্তি বিঘ্নিত হয় আৰু লগতে অত্যাচাৰো কৰি আহিছে। ভুক্তভোগী পত্নীগৰাকীৰ আবেদন শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে স্বামীক অন্য ঠাইত ঘৰ বিচাৰিবলৈ নিৰ্দেশ দিছে।
সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদন অনুসৰি পেছাত অধিবক্তা ভি অনুষাই ইতিমধ্যে পৰিয়াল আদালতত স্বামীৰ বিৰুদ্ধে বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰিছে। বিবাহ বিচ্ছেদৰ নিষ্পত্তি নোহোৱালৈকে স্বামীক ঘৰৰ পৰা আঁতৰাই ৰাখিবলৈ তেওঁ পাৰিবাৰিক আদালতত আবেদন দাখিল কৰিছিল।
লগতে পঢ়ক ‘তোমাৰ সৈতে বিয়া হ’লেও প্ৰেমিকৰ সৈতে মোৰ সম্পৰ্ক থাকিব’, পত্নীৰ এই দাবীৰ পিছত কি হ’ল?
কিন্তু আবেদনখন আংশিকভাৱে গ্ৰহণ কৰাৰ বিপৰীতে সময়ত গোচৰটো আদালতত বিচাৰাধীন হৈ থকাৰ সময়ত স্বামীক ঘৰৰ বাহিৰত থাকিবলৈ নিৰ্দেশ দিবলৈ পাৰিবাৰিক আদালতে অস্বীকাৰ কৰে। এই ৰায়ত ক্ষুব্ধ হৈ মহিলাগৰাকীয়ে উচ্চ ন্যায়ালয়ত পুনৰীক্ষণ আবেদন দাখিল কৰে।
শুনানিৰ সময়ত ন্যায়াধীশ মঞ্জুলাই কয় যে বৈবাহিক জীৱন সফল নোহোৱাৰ বাবে দুয়োৰে মাজত বিবাদৰ সৃষ্টি হৈছে। পত্নীয়ে দাবী কৰে যে স্বামী কঠোৰ, অত্যাচাৰ কৰে আৰু যাৰফলত ঘৰত অশান্তিয়ে বিৰাজ কৰে৷
ইফালে স্বামীগৰাকীয়ে দাবী কৰি কয় যে তেওঁ এজন অতি ভাল পিতৃ আৰু তেওঁৰ পত্নীয়ে প্ৰায়ে আড্ডা মাৰি থাকে। স্বামীৰ মতে, পত্নীয়ে ঘৰতে থাকি ল’ৰা-ছোৱালীৰ যত্ন ল’ব লাগে। সকলো পক্ষৰ শুনানিৰ পাছত ন্যায়াধীশ মঞ্জুলাই স্বামীক বিবাদ নিষ্পত্তি নোহোৱা পৰ্যন্ত স্বামীক অন্য ঠাইত ঘৰ বিচাৰিবলৈ নিৰ্দেশ দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ