ভাৰতত কেতিয়া আহিব ৬ জি সেৱা, কেন্দ্ৰীয় যোগাযোগ ৰাজ্যিক মন্ত্ৰীৰ ঘোষণা
ভাৰত চৰকাৰে ৬জি প্ৰযুক্তিৰ বিকাশ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ লক্ষ্য স্থিৰ কৰিছে। টেলিকম মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰকাশ কৰিছে যে, ভাৰতে ৬ জি ক্ষেত্ৰত বিশ্ব নেতৃত্ব লোৱাৰ চেষ্টা কৰিছে। এই লক্ষ্যত, ভাৰতীয় ৬ জি এলায়েন্সে যুক্তৰাষ্ট্ৰ, দক্ষিণ কোৰিয়া, জাপান, জাৰ্মানি, ফিনলেণ্ড ব্ৰাজিলৰ সৈতে একাধিক চুক্তি স্বাক্ষৰ কৰিছে, যাৰ উদ্দেশ্য ৬ জি গৱেষণা কাৰ্যক্ৰমত সহযোগিতা বৃদ্ধি কৰা।
৬ জি উন্নয়নৰ ক্ষেত্ৰত ভাৰত চৰকাৰে ইতিমধ্যে ১১১ টা গৱেষণা প্ৰকল্পৰ বাবে প্ৰায় ৩০০ কোটি টকা অনুমোদন কৰিছে। এই পদক্ষেপ সমুহে ভাৰতক ৬ জি প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বব্যাপী নেতৃস্থানীয় দেশসমুহৰ শাৰীত অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য ৰাখিছে।
এই ক্ষেত্ৰত কেন্দ্ৰীয় যোগাযোগ ৰাজ্যিক মন্ত্ৰী চন্দ্ৰ শেখৰ পেম্মাছানীয়ে ভাৰতত কেতিয়া ৬জি সেৱা আৰম্ভ হ’ব সেই সন্দৰ্ভতো তথ্য প্ৰদান কৰিছে। ইয়াৰ পূৰ্বেও ভাৰতত বহু বছৰৰ আগতে ৬জি প্ৰযুক্তি পৰীক্ষাৰ বাবে টেষ্ট বেড নিৰ্মাণ কৰা হ’লহেঁতেন। ইয়াৰ বাবে কেন্দ্ৰৰ মোডী চৰকাৰেও আৰম্ভ কৰিছে ইণ্ডিয়া ৬জি মিছন। ৫জিৰ দৰে ভাৰততো ৬জি মুকলি কৰা বিশ্বৰ প্ৰথম দেশসমূহৰ ভিতৰত অন্যতম হ’ব।
২০২২ চনত ভাৰতত ৫জি সেৱা আৰম্ভ কৰা হৈছিল। মাত্ৰ দুবছৰৰ ভিতৰতে ভাৰতত ৫জি নেটৱৰ্ক স্থাপন কৰা হৈছে। দেশৰ ৭৫০খন জিলাৰ ৯৮ শতাংশত ৫জি নেটৱৰ্কৰ ব্যৱস্থা কৰা হৈছে। এয়াৰটেল আৰু জিঅ’ৰ পিছত ভিইও মুকলি কৰিছে ৫জি সেৱা। একে সময়তে চৰকাৰী টেলিকম কোম্পানী বি এছ এন এলেও চলিত বৰ্ষৰ জুন মাহত ৫জি সেৱা আৰম্ভ কৰিব।
কেন্দ্ৰীয় যোগাযোগ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে এক কাৰ্যসূচীৰ সময়ত কয়, “ইণ্ডিয়া ৬জি মিছনৰ অধীনত আমি ২০৩০ চনৰ ভিতৰত ৬জি সেৱা অনাৰ প্ৰস্তুতি চলাইছো। আমি পৰৱৰ্তী প্ৰজন্মৰ যোগাযোগ প্ৰযুক্তিৰ ডিজাইন, বিকাশ আৰু নিয়োগৰ ক্ষেত্ৰত নেতৃত্ব দিম আৰু ২০৩০ চনৰ ভিতৰত এই সেৱা আৰম্ভ কৰিম।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ