দশানন ৰাৱনৰ ৰাজ্য লংকা সোনেৰে তৈয়াৰী আছিল৷ সেয়ে লংকাক স্বৰ্ণলংকা বুলি কোৱা হয়৷ কিন্তু হনুমানে নেজৰ জুইৰে ৰাৱণৰ সপোনৰ স্বৰ্ণলংকা পুৰি ছাই কৰি দিছিল৷ ৰামায়ণৰ এই গল্প আমি সকলোৱে জানো৷ কিন্তু এনেকৈ সোনৰ লংকা জ্বলি যোৱাৰ আঁৰত আছে এক অভিশাপ৷ ৰাৱণক সেই অভিশাপ দিছিল শিৱৰ বাহন নন্দীয়ে৷ সেয়ে পুৰি ছাই হৈ যায় সোণৰ লংকা৷ জানক লংকা শেষ হোৱাৰ কাহিনী৷
কেতিয়াও কাৰোৰে মনত আঘাত দিয়া উচিত নহয়৷ বিশেষকৈ অসহায় দূৰ্বলৰ মনত আঘাত দিলে সেই দুঃখেই ডাঙৰ হৈ আকৌ আমালৈকে উভতি আহে৷ পশু-পখীৰ ওপৰত থাকে ভগৱানৰ বিশেষ আশীৰ্বাদ৷ সেয়ে এইদৰে আঘাত কৰি তাৰ শাস্তি পাবই লাগিব৷ এই ঘটনাৰ সত্যতাৰ প্ৰমাণ লংকেশ্বৰ ৰাৱণৰ সৈতে ঘটা ঘটনা৷ ৰামায়ণ আৰু শিৱ পুৰাণত এই ঘটনাৰ উল্লেখ পোৱা যায়৷
শিৱৰ প্ৰিয় নন্দী
মহাদেৱৰ বাহন নন্দী কেৱল শিৱৰ বাহনেই নহয়, শিৱৰ অতি প্ৰিয়ও৷ নন্দী মহাৰাজ দেৱাদিদেৱৰ এগৰাকী পৰম ভক্ত৷ এই অৱলা প্ৰাণীৰ সৰল বুদ্ধিয়ে মহাদেৱৰ প্ৰিয় ভক্তৰ মাজত এজন কৰি তোলে৷ সৰল মনৰ নন্দী অলপতেই প্ৰচণ্ড খঙাল হৈ উঠে৷ খঙৰ বশত আনকি সিংহৰ সৈতেও যুঁজত নামি পৰিছিল৷
ৰাৱণক নন্দীৰ অভিশাপ
ৰামায়ণত উল্লেখ আছে যে দশানন আছিল মহাদেৱৰো এজন পৰম ভক্ত৷ ভাতৃ কুবেৰৰ পৰা স্বৰ্ণলংকা কাঢ়ি লোৱাৰ পাছত ৰাৱণে দেৱাদিদেৱক অনুৰোধ কৰিছিল যে সোণৰ লংকাত তেওঁ থাকক৷ কিন্তু জাগতিক সুখ সুবিধাৰ ঊৰ্ধত থকা মহাদেৱে ৰাৱণৰ অনুৰোধ নস্যাৎ কৰে৷ তেতিয়াই ৰাৱণে কৈলাশলৈ গৈ মহাদেৱক দৰ্শন কৰিব বিচাৰে৷ সেই সময়ত মহাদেৱ ধ্যানত মগ্ন আছিল৷ নন্দীয়ে ৰাৱণক মহাদেৱৰ ধ্যান ভংগ নকৰা পৰ্যন্ত অপেক্ষা কৰিবলৈ কয়৷ কিন্তু নিজৰ ক্ষমতাৰ গৰ্বত অন্ধ হৈ ৰাৱণে নন্দীক তেওঁ পৰিচয় বিচাৰে৷ নন্দীয়ে নিজকে মহাদেৱৰ শ্ৰেষ্ঠ ভক্ত হিচাপে পৰিচয় দিয়াত ৰাৱণে তাক পৰিহাস কৰে৷
সম্পূৰ্ণ মানুহ নহ’লে এনেকৈ যাৰে তাৰে লগত কথা হ’ব নিবিচাৰে বুলিও জনাই ৰাৱণে৷ নন্দীয়ে তেতিয় মহাদেৱৰ ভক্ত হোৱাৰ বাবে মানুহ হোৱাৰ প্ৰয়োজন নাই বুলি ৰাৱণক জনায়৷ শিৱই কেতিয়াও তেওঁৰ ভক্তসকলক কোনো ভেদাভেদ নকৰে বুলিও জনায়৷ আৰু যি স্বৰ্ণলংকাক লৈ ৰাৱণে গৰ্ব কৰিছে সেই লংকাই এদিন পুৰি ছাৰখাৰ হৈ যাব বুলি অভিশাপ দিয়ে নন্দীয়ে৷ তাৰপাছতেই হনুমানে যেতিয়া নেজেৰে লংকাত জুই লগাই দিয়ে তেতিয়াই সকলোৱে কয় যে নন্দীৰ অভিশাপ সত্য প্ৰমাণিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















