অসম লাইভ২৪ঃ আগন্তুক ১১ নৱেম্বৰত পালিত হ’ব কালীপূজা। ১২ নৱেম্বৰত দীপাৱলী। ইয়াৰ পূৰ্বে ৩০ অক্টোবৰত তুলা ৰাশি এৰি বক্ৰী দশাত থাকিত কেতু। বৰ্তমান কেতু আৰু মঙলে একেলগে তুলা ৰাশিত অৱস্থান কৰিছে। কেতু আৰু মঙলৰ এই মিলন অত্যন্ত অশুভ বুলিও জনাইছে জ্যোতিষীয়ে। এই দুই গ্ৰহই একেলগে থাকিলে হিংসা, যুদ্ধ আদি হ’ব পাৰে। কালীপূজাৰ আগত মঙল আৰু কেতু বিচ্ছিন্ন হৈ যোৱাৰ ফলত দীপাৱলীত লাভৰ মুখ দেখিব ৫ৰাশিৰ জাতকে। এই বছৰ কালীপূজাৰ ভাগ্যোদয় হ’ব কোন কোন ৰাশিৰ?
মেষ ৰাশি
মঙল আৰু কেতুৰ যুঁটি ভাঙি যোৱাৰ ফলত কেৰিয়াৰত উন্নতি হ’ব মেষ ৰাশিৰ জাতকৰ। আৰ্থিকতো উন্নতি হ’ব। বিনিয়োগ সংক্ৰান্তীয় যিসমূহ পৰিকল্পনা আপুনি কৰিছে সকলোবোৰেই আপোনাৰ বাবে লাভজনক হ’ব। সাফল্যৰ নতুন স্তৰত যাব পাৰিব। আপোনাৰ কথা কোৱাৰ ধৰণ সকলোৰে পছন্দ হ’ব। পৰিয়ালৰ সৈতে কোনো পছন্দৰ ঠাইলৈ ফুৰিবলৈ যোৱাৰ যোগ আছে।
বৃষ ৰাশি
কেতু আৰু মঙলৰ যুঁটি শেষ হোৱাৰ শুভ প্ৰভাৱ লাভ কৰিব বৃষ ৰাশিৰ জাতকে। এই সময়ত আপোনাৰ মাজত প্ৰচুৰ পজিটিভ এনাৰ্জী বাঢ়িব। বহু দিন ধৰি কোনো কাম কৰাৰ চেষ্টা কৰি আছে যদি সুফল পাব। এই সময়ত খৰচ বাঢ়িব যদিও আয়ৰ সৈতে বেলেন্স ৰক্ষা হৈ থাকিব। পঢ়াশুনাৰ সৈতে জড়িত ছাত্ৰ-ছাত্ৰীয়ে ভাল ফল পাব।
মিথুন ৰাশি
কালীপূজাৰ আৰম্ভণিৰ সময়তে কেৰিয়াৰত উন্নতি হ’ব মিথুন ৰাশিৰ জাতকৰ। বহুদিন ধৰি যিসকলে আৰ্থিক সংকটৰ ভূগি আছে তেওঁলোকৰ আৰ্থিক লাভৰ যোগ আছে। আগতে কৰা বিনিয়োগৰ পৰা লাভৱান হ’ব। উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰাৰ যোগ আছে।
তুলা ৰাশি
মঙল কেতুৰ মিলনত কেৰিয়াৰত উন্নতি হ’ব তুলা ৰাশিৰ জাতকৰ। বহুদিন ধৰি চাকৰি পৰিবৰ্তনৰ বাবে চেষ্টা কৰি থকাসকলে কোনো সংস্থাৰ পৰা ভাল খবৰ লাভ কৰিব। ব্যৱসায়ৰ নতুন পথ খুলিব। কঠোৰ পৰিশ্ৰম কৰিলে সম্পূৰ্ণ লাভৰ মুখ দেখিব তুলা ৰাশিৰ জাতকে।
বৃশ্চিক ৰাশি
কেতুৰ গোচৰৰ ফলত মঙল আৰু কেতুৰ যুঁটি ভাঙি যাব। তাৰপাছতেই উন্নতি কৰাৰ সুযোগ আহিব বৃশ্চিক ৰাশিৰ জাতকলৈ। কেৰিয়াৰত এই সময়ত সুযোগ আহিব। খৰচ বাঢ়িব পাৰে। পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশে বিৰাজ কৰিব। ভৱিষ্যতৰ বাবে অৰ্থ সঞ্চয় কৰাৰ যোগ আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ