অসম লাইভ২৪ঃ দেশত আয়কৰ প্ৰদান কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে। বছৰত ৫ লাখতকৈ অধিক আয় কৰা লোকে দিব লাগে আয়কৰ। ৫ লাখতকৈ অধিক আয় কৰা লোকৰ বাবে আয়কৰ দিয়াটো বাধ্যতামূলক। যদি কোনো ব্যক্তিৰ আয় কম কিন্তু আয়কৰ দিবলৈ নটিছ আহিছে তেন্তে তেওঁ ITR ফাইল কৰিব পাৰে। ২০২২-২৩ বৰ্ষৰ আয়কৰ ৰিটাৰ্ণ ফাইল কৰাৰ শেষ তাৰিখ ঘোষণা কৰা হৈছে।
ইতিমধ্যে আইটিআৰ ফৰ্ম অনলাইন, অফলাইনত উপলব্ধও হৈছে।কোনো ব্যক্তিয়ে যদি নিৰ্ধাৰিত তালিকাৰ মাজত আইটিআৰ ফাইল নকৰে তেন্তে আয়কৰ বিভাগে মোটা জৰিমনাও বিহিব পাৰে। চেণ্ট্ৰেল বৰ্ড অৱ ডাইৰেক্টৰ টেক্সাছ বা চিবিডিটি ২০২৩ৰ ১০ আৰু ১৪ ত জাৰি কৰা বিজ্ঞাপিত ২০২২-২৩ বৰ্ষৰ আয়কৰ ৰিটাৰ্ণ ফৰ্মসমূহ দেখা গৈছে।
আয়কৰ বিভাগৰ তৰফৰ পৰা জাৰি কৰা বিজ্ঞাপনত দিয়ামতে কৰদাতাসকলৰ বাবে আয়কৰ ৰিটাৰ্ণৰ শেষ তাৰিখ ৩১ জুলাই বান্ধি দিছে। যদি নিৰ্ধাৰিত তাৰিখ অৰ্থাৎ ৩১ জুলাইৰ ভিতৰত আইটিআৰ ফাইল নকৰে তেন্তে ১০০০ ৰ পৰা ৫০০০ টকা পৰ্যন্ত জৰিমনা আৰোপ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ