বৰ্তমান পাঁচ মেচৰ টি-২০ চিৰিজ খেলাত ব্যস্ত হৈ আছে ভাৰতীয় দল৷ এই চিৰিজ শেষ হোৱাৰ পাছত কিন্তু টিম ইণ্ডিয়াই বিশ্ৰামৰ সুযোগ নাপায়৷ কাৰণ ১৪ নৱেম্বৰৰ পৰা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আকৌ তিন ফৰ্মেটৰ চিৰিজ খেলিব ভাৰতে৷ ২২ নৱেম্বৰৰ পৰা চিৰিজৰ দ্বিতীয় টেষ্ট মেচ আয়োজিত হব গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত৷ সেই মেচত কিন্তু ক্ৰিকেটৰ দীৰ্ঘদিনীয়া নিয়মৰ সালসলনি ঘটিব৷ টেষ্ট ক্ৰিকেট মেচৰ পূৰ্বে সৰ্বপ্ৰথম টচ হয়৷ তাৰপিছেতি দিনৰ খেলা আৰম্ভ হোৱাৰ পাছত লাঞ্চ, তাৰপিছত দ্বিতীয় চেছন, চাহপানীৰ বিৰতি আৰু শেষ চেছন৷ কিন্তু ভাৰত-দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় টেষ্টত সেই নিয়ম ভংগ হব৷ Indian Express-ৰ ৰিপৰ্টন অনুসৰি সেই মেচত আগতে লাঞ্চ নহয়৷ পূৰ্বে থাকিব চাহপানী বিৰতি৷ তাৰপিছতহে লাঞ্চ৷
কিয় এই সিদ্ধান্ত? ইয়াৰ পিছত আছে উত্তৰ-পূব ভাৰতৰ সূৰ্যাস্তৰ সময়৷ বাকী দেশৰ তুলনাত অসমৰ দৰে উত্তৰ পূবৰ ৰাজ্যত আগতীয়াকৈ সূৰ্যাস্ত হয়৷ বিচিচিআইৰ অধিকাৰীসকলে জনোৱা মতে পূৰ্বে চাহ পানৰ বিৰতি দিয়াৰ কাৰণ হৈছে গুৱাহাটীত আগতীয়াকৈ সূৰ্যাস্ত হয় আৰু সেই কাৰণেই মেচো সোনকালে আৰম্ভ হব৷ এই প্ৰথম চাহৰ বিৰতিৰ সময়ৰ সলনি কৰা হৈছে৷ যাৰ ফলত সময় বাচিব আৰু অভাৰ শেষ কৰাৰ বাবে মেচত বেচি সময় পোৱা যাব৷
ভাৰতত পুৱা ৯.৩০ মিনিটৰ পৰা টেষ্ট মেচ আৰম্ভ হয়৷ তাৰপিছতেই ১১.৩০ মিনিটত লাঞ্চ, ১২.১০ মিনিটত আৰম্ভ হয় দ্বিতীয় চেছন৷ দুপৰীয়া ২.১০ মিনিটত চাহ বিৰতি দিয়া হয়৷ তাৰপিছতেই ২.৩০ মিনিটৰ পৰা ৪.৩০ মিনিট পৰ্যন্ত চলে দিনৰ শেষ চেছন৷ ৰিপৰ্টত দাবী কৰা হৈছে যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয় টেষ্ট পুৱা ৯ বজাৰ পৰা আৰম্ভ হব৷ ১১টাৰ পৰা ১১.২০ মিনিট পৰ্যন্ত থাকিব চাহ বিৰতি৷ ১.২০ মিনিট পৰ্যন্ত চলিব দ্বিতীয় চেছন৷ তাৰপিছত ৪০ মিনিটৰ লাঞ্চ বিৰতি থাকিব৷ দুপৰীয়া ২ বজাৰ পৰা সৰ্বশেষ চেছন চলিব বিয়লি ৪ বজালৈকে৷
দক্ষিণ আফ্ৰিকা বৰ্ডৰ সৈতে কথা পাতিয়েই বিচিচিআইয়ে যুগ্মভাৱে এই নিয়মভঙাৰ সিদ্ধান্ত লৈছে৷ আন্তৰ্জাতিক ক্ৰিকেটত এই বিষয়টো নতুন হলেও ঘৰোৱা ক্ৰিকেটত গুৱাহাটীত মেচ হলে কিন্তু বিচিচিআইয়ে পূৰ্বেও লাঞ্চতকৈ আগত চাহ বিৰতি ৰাখিছিল৷ সেই পন্থাই এইবাৰ আন্তৰ্জাতিক টেষ্ট মেচৰ ক্ষেত্ৰতো দেখা যাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















