অসম লাইভ২৪ঃ সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ আজি ষষ্ঠ দিন। বিগত ৫ দিনৰ দৰে আজিও মণিপুৰৰ বিষয়টোক লৈ উত্তাল হৈছে বিৰোধী। বিৰোধী উত্তাল হৈ পৰাৰ বাবেই কিছুসময়ৰ বাবে স্থগিত ৰখা হৈছে সদন। ৰাজ্যসভাৰ কাৰ্যক্ৰম কিছু সময়ৰ বাবে সুচাৰুৰূপে আগবাঢ়িছিল। কিন্তু কিছুসময় পূৰ্বে পুনৰ উত্তাল হৈ পৰিছে সদন। এন ডি এৰ সাংসদসকলে মোদী-মোদী শ্ল’গান দিবলৈ আৰম্ভ কৰিছিল, যাৰ উত্তৰত বিৰোধী সাংসদসকলেও INDIA-INDIA শ্ল’গান দিবলৈ আৰম্ভ কৰে। হুলস্থূলীয়া পৰিবেশৰ বাবেই সদন দুপৰীয়া ২ বজালৈ স্থগিত ৰখা হৈছে।
মণিপুৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বিৰোধী সাংসদসকলে ক’লা কাপোৰ পৰিধান কৰি সংসদলৈ আহিছে বিৰোধী বিধায়কসকলে। ইয়াৰ পূৰ্বে, ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্টেল ইনক্লুচিভ এলায়েন্স (ইণ্ডিয়া)ৰ সকলো সাংসদে মণিপুৰৰ পৰিস্থিতিক লৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈকে পৰিধান কৰি আহিছে কলা কাপোৰ। বিৰোধীৰ এই প্ৰতিবাদক লৈ মুখ খুলিছে শাসকীয় দলৰ মন্ত্ৰী পীয়ুষ গোৱেলে।
প্ৰতিবাদী ইণ্ডিয়াৰ সদস্যক টাৰ্গেট কৰি মন্ত্ৰী পীয়ুষ গোৱেলে কয়, ‘এয়া অতি দুৰ্ভাগ্যজনক যে ইমান গুৰুতৰ বিষয়ত ৰাজনীতি কৰা হৈছে। এয়া ভাৰতৰ সন্মানৰ বিষয়, বিশ্বৰ সন্মুখত ভাৰতৰ প্ৰতিচ্ছবি বেয়া কৰিছে। মই ভাৱো যিসকলে ক’লা কাপোৰ পিন্ধি আহিছে তেওঁলোকে এনে কৰিব নালাগিছিল। বিৰোধী নেতাসকলে দেশৰ উন্নয়ণৰ ধাৰাটোক বুজা উচিত। তেওঁলোকৰটো বাৰু বৰ্তমান, অতীত আৰু ভৱিষ্যত ক’লাই। তথাপিও আমি আশা কৰোঁ যে তেওঁলোকৰ জীৱনতো পোহৰ আহক।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ