অসম লাইভ২৪ঃ ৪৮ ঘণ্টাৰ ভিতৰত ইজৰাইলৰ ওপৰত আক্ৰমণ চলাব ইৰাণে! এই দাবী কৰিছে আমেৰিকাৰ এক সূত্ৰই। সেই খবৰ প্ৰকাশ হোৱাৰ লগে লগেই ভাৰত চৰকাৰেও জাৰি কৰিছে সতৰ্কবাৰ্তা। শুকুৰবাৰে বিদেশ মন্ত্ৰণালয়ৰ তৰফৰ পৰা এক বিবৃত্তি জাৰি কৰি ভাৰতীয়সকলক ইজৰাইল আৰু ইৰাণ কোনো কাৰণতে নাযাব বুলি পৰামৰ্শ আগবঢ়াইছে।
ইৰাণ-ইজৰাইলত ভাৰতীয়সকলক যাবলৈ নিষেধাজ্ঞা জাৰি কৰাৰ ওপৰিও দুই দেশত থকা ভাৰতীয়সকলকো সতৰ্ক কৰি দিছে বিদেশ মন্ত্ৰণালয়ে। ইজৰাইল আৰু ইৰাণত বসবাস কৰা ভাৰতীয়সকলে অবিলম্বে ভাৰতীয় দূতবাসৰ সৈতে যোগাযোগ কৰক বুলিও বিবৃত্তিত প্ৰকাশ কৰিছে বিদেশ মন্ত্ৰণালয়ে। ভাৰতীয়সকলৰ নিৰাপত্তা সুনিশ্চিত কৰাক লৈ চিন্তিত হৈ পৰিছে ভাৰত চৰকাৰ।
হামাছৰ সৈতে ইজৰাইলৰ সংঘাতৰ মাজত সোমাই পৰিছে ইৰাণ। ইজৰাইল আৰু ইৰাণে বৰ্তমান পৰ্যন্ত মুকলিকৈ যুদ্ধৰ ঘোষণা কৰা নাই। চিৰিয়াৰ ৰাজধানী দামাস্কাত অৱস্থিত ইৰানি দূতবাসত আক্ৰমণ চলোৱাৰ অভিযোগ উঠিছিল ইজৰাইলৰ সামৰিক বাহিনীৰ বিৰুদ্ধে। সেই ক্ষেপণাস্ত্ৰ আক্ৰমণত মৃত্যু হৈছিল ৭জনকৈ লোকৰ। তেওঁলোকৰ মাজত আছিল ইৰাণৰ সামৰিক বাহিনীৰ দুগৰাকী জেনেৰেলো।
এই ঘটনা প্ৰকাশলৈ অহাৰ পাছতেই ইজৰাইলৰ ওপৰত আক্ৰমণৰ হুংকাৰ দিছিল তেহৰানেও। কেৱল সেয়াই নহয়, এই দ্বন্দৰ পৰা ইজৰাইলৰ বন্ধু দেশ আমেৰিকাকো আঁতৰি থাকিবলৈ বাৰ্তা দিছে ইৰান চৰকাৰে। শুকুৰবাৰে ৱাল ষ্ট্ৰিট জাৰ্নেলত প্ৰকাশ হোৱা মতে, আমেৰিকাৰ এগৰাকী উচ্চপদস্ত বিষয়াক জনোৱা অনুসৰি ইজৰাইলে ইৰানৰ ওপৰত আক্ৰমণ চলাব পাৰে। উত্তৰ আৰু দক্ষিণ ইজৰাইল আক্ৰমণ কৰিব পাৰে তেহৰানে। ৪৮ঘণ্টাৰ মাজত এই আক্ৰমণৰ ঘটনা ঘটিব পাৰে ৱাল ষ্ট্ৰিট জাৰ্নেলে প্ৰকাশ কৰিছে। সেই খবৰ প্ৰকাশ হৈছে আমেৰিকা, ফ্ৰান্স, জাৰ্মানীৰ দৰে দেশসমূহে এতিয়া তাৰ নাগৰিকসকলক সতৰ্ক কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ