ছলমান-অক্ষয়ক অভিনয় শিকোৱা ভাৰতৰ লগতে বাংলাদেশৰ ছুপাৰষ্টাৰ, এতিয়া কন্যা ভাৰতীয় চিনেমাৰ অন্যতম তাৰকা
বলীউডত এনে বহু তাৰকা আছে, যিয়ে দক্ষিণৰ ছবিৰ লগতে আন দেশৰ ছবিতো কাম কৰি যথেষ্ট নাম অৰ্জন কৰিছে। হিংসাজৰ্জৰ বাংলাদেশ এইকেইদিন শিৰোনামত। দেশ খনত হিন্দু লোকৰ ওপৰতো আৰম্ভ হৈছে নিৰ্যাতন।
তেনে সময়তে চৰ্চালৈ আহিছে এগৰাকী ভাৰতীয় তাৰকাৰ নাম। যি ভাৰতৰ লগতে বাংলাদেশৰো ছুপাৰষ্টাৰ। বহু হিট ছবি দিছে বলীউডৰ লগতে বাংলাদেশৰ ছবিজগততো। সেই তাৰকাগৰাকীৰ কন্যা এতিয়া ভাৰতীয় ছবিত কাম কৰি আছে।
আমি কথা পাতি থকা অভিনেতাজনৰ পিতৃ আছিল এজন বিখ্যাত হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ বিশেষজ্ঞ। দেশৰ ভিতৰতে প্ৰথমটো হৃদযন্ত্ৰৰ অপাৰেচন কৰা চিকিৎসকৰ তালিকাত তেওঁৰ পিতৃৰো নাম অন্তৰ্ভুক্ত । মাতৃয়ো এগৰাকী চিকিৎসক আছিল। গতিকে দুয়োৰে ইচ্ছা আছিল যে তেওঁলোকৰ সন্তানো চিকিৎসক হ’ব । কিন্তু যাৰ ভাগ্যত যি লিখা থাকে সেয়া হবই।
গতিকেই চিকিৎসক দম্পতিৰ পুত্ৰ হৈ পৰিল অভিনেতা। সময়ত গৈ দুই দেশৰ ছুপাৰষ্টাৰ। এই অভিনেতাগৰাকী হৈছে সুৰেশ পাণ্ডে অৰ্থাৎ চাংকি পাণ্ডে। শিক্ষাৰ ক্ষেত্ৰত বিশেষ একো কৰিব নোৱাৰাত পিতৃ-মাতৃয়েও অনুমতি দিয়ে অভিনয় কৰিবলৈ। পঢ়া-শুনা সমাপ্ত কৰাৰ পিছত মাক-দেউতাকে বুজাই দিয়ে যে প্ৰথমে অভিনয় শিকক তাৰ পিছত চেষ্টা কৰক।
সেই মতেই ডেইজী ইৰাণীৰ এক্টিং স্কুলত আহি অভিনয়ৰ পাঠ শিকে। তাতেই ছলমান খান আৰু অক্ষয় কুমাৰক এক্টিঙৰ লগতে ডাঞ্চ সিকাই। পাছলৈ হু চিনেমাত সুযোগ লাভ কৰে অভিনয়ৰ। বাংলাদেশলৈ গৈয়ো সুনাম গঢ়ে চাংকি পাণ্ডেয়ে। এতিয়া অভিনেতাগৰাকীৰ লগতে কন্যা অনন্যা পাণ্ডেও কাম কৰি আছে বলীউডত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ