ভাৰত আৰু পাকিস্তানৰ মাজত পৰমাণুকেন্দ্ৰ সংক্ৰান্তিয় তালিকা বিনিময় হৈছে বৃহস্পতিবাৰে৷ চুক্তি অনুসৰি প্ৰতি বছৰে ১ জানুৱাৰীত দুই প্ৰতিবেশী দেশে নিজৰ নিজৰ পৰমাণুকেন্দ্ৰ, পাৰমাণৱিক সুযোগ সুবিধাৰ হিচাপ এখন দেশে আনখন দেশৰ সৈতে ভাগ কৰি লয়৷ এই বছৰো নতুন দিল্লী আৰু ইছলামাবাদৰ দ্বিপাক্ষিক সম্পৰ্কৰ বুজাপৰাত খেলিমেলি চলি থাকিলেও সেই নিয়মৰ ব্যতিক্ৰম নহ’ল৷ চুক্তি স্বাক্ষৰকাৰী কোনো দেশৰ দ্বাৰাই যাতে পৰমাণুকেন্দ্ৰৰ কোনো ক্ষতি নহয় সেয়া নিশ্চিত কৰা হ’ব৷ ভাৰতৰ বিদেশ মন্ত্ৰণালয়ৰ তৰফৰ পৰা বৃহস্পতিবাৰে এক বিবৃত্তি জাৰি কৰি তালিকা বিনিময়ৰ কথা জনোৱা হৈছে৷ কোৱা হৈছে, ‘নতুন দিল্লী আৰু ইছলামাবাদত অৱস্থিত কূটনৈতিক চেনেলৰ মাধ্যমেৰে ভাৰত আৰু পাকিস্তানে পৰস্পৰৰ সৈতে পাৰমাণৱিক কেন্দ্ৰৰ তালিকা বিনিময় কৰিছে৷ পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ নিষিদ্ধকৰণৰ চুক্তি অনুসৰি সেই তালিকা বিনিময় কৰা হৈছে৷’
ভাৰত আৰু পাকিস্তানৰ প্ৰতিনিধিসকলৰ মাজত পৰমাণুকেন্দ্ৰৰ এই চুক্তি ১৯৮৮চনৰ ৩১ ডিচেম্বৰত স্বাক্ষৰিত হৈছিল৷ সেয়া কাৰ্যকৰ হয় ১৯৯১ চনৰ ২৭ জানুৱাৰীত৷ চুক্তিৰ চৰ্ত অনুযায়ী দুই প্ৰতিবেশী ৰাষ্ট্ৰই প্ৰথমবাৰ নিজৰ মাজত পাৰমাণৱিক কেন্দ্ৰৰ তালিকা বিনিময় কৰে ১৯৯২ চনৰ ১ জানুৱাৰীত৷ তেতিয়াৰে পৰাই ৩৪ বছৰ ধৰি এই নিয়ম মানি অহা হৈছে৷ কেতিয়াও কোনো পৰিস্থিতিতেই এই নিয়ম বাদ পৰা নাই৷
চুক্তিত পাৰমাণৱিক কেন্দ্ৰ বুলিলে কি কি বুজোৱা হয়?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















