অসম লাইভ ২৪ঃ শিশুৰ বাবে প্ৰথমটো কোভিড ভেকচিনৰ অনুমোদন ভাৰতত৷ জাইডাচ কেডিলাৰ কোভিড ভেকচিন ‘জাইক’ভ-ডি’ক ভাৰতত জৰুৰী ব্যৱহাৰৰ বাবে অনুমোদন জনালে ভাৰতৰ ড্ৰাগ নিয়ন্ত্ৰকে৷ প্ৰাপ্তবয়স্ক আৰু ১২ বছৰ ঊৰ্ধ্বৰ শিশুৱে ল’ব পাৰিব জাইক’ভ-ডি ভেকচিন৷ তিনিটা ড’জৰ ভেকচিন জাইক’ভ-ডিক শুকুৰবাৰে অনুমোদন জনোৱা হয় ভাৰতত। ইয়াৰ লগে লগে ভাৰতত অনুমোদন জনোৱা ষষ্ঠটো কোভিড ভেকচিন হয় জাইক’ভ-ডি। ভেকচিন নিৰ্মাতা কোম্পানী জাইডাচ কেডিলাৰে জনোৱা অনুসৰি বছৰি ১০০-১২০ মিলিয়ন ড’জ ভেকচিন তৈয়াৰীৰ পৰিকল্পনা গ্ৰহণ কৰিছে কোম্পানীটোৱে৷ ৰাষ্ট্ৰজুৰি ২৮,০০০ লোকৰ মাজত চলোৱা অন্তিম পৰ্যায়ৰ পৰীক্ষণ অনুসৰি জাইক’ভ-ডিৰ কাৰ্যকাৰিতা ৬৬.৬ শতাংশ৷ কোভিড বিৰুদ্ধে বিশ্বৰ প্ৰথমটো প্লাজমিড DNA ভেকচিন জাইক’ভ-ডি৷ ভাৰত বায়’টেকৰ কোভিড ভেকচিন কোভাক্সিনৰ পাছতে দেশীয়ভাৱে উৎপাদিত দ্বিতীয়টো কোভিড ভেকচিন জাইক’ভ-ডি৷ শীঘ্ৰেই ভাৰতত বহুলভাৱে উপলব্ধ হ’ব এইবিধ কোভিড ভেকচিন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ