বহুতো স্বপ্ন ভংগৰ মাজতে আজি সোণ-ব্ৰঞ্জ পদকৰ বাবে নামিব নীৰজ আৰু হকী দল
বিগত দুদিন মান ধৰি পেৰিচ অলিম্পিকত ভাৰতে বহুতো দুঃস্বপ্নৰ মাজেৰে পাৰ কৰিছে। দুৰ্ভাগ্যৰ বাবে কেইবাটাও নিশ্চিত পদক পাইয়ো হেৰুৱাইছে ভাৰতীয় খেলুৱৈয়ে। বিনেশ ফোগাট, নীশা দহিয়া, লাভলীনা, মীৰা বাই ছানু, লক্ষ্য সেন আদি আছিল পদকৰ প্ৰৱল দাবিদীৰ।
পাছে সেই সকলোবোৰৰ পাছত আজি ৮ আগষ্ট তাৰিখে পুনৰ পদকৰ যুঁজত নামিব ভাৰতীয়। এফালে হকী দলে ব্ৰঞ্জ পদকৰ যুঁজত নামিব আনহাতে সোণৰ পদকৰ বাবে যুঁজত নামিব নীৰজ চোপ্ৰা। দুয়োটা পদকৰ আশা কৰিছে সমগ্ৰ দেশবাসীয়ে।
পেৰিছ অলিম্পিক ২০২৪ত আজি ৮ আগষ্ট সন্ধিয়া ৫:৩০ বজাত পেৰিছৰ ইভছ-ডু-মানোয়াৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া পুৰুষ হকীৰ ব্ৰঞ্জৰ পদক মেচত ভাৰতে স্পেইনৰ বিৰুদ্ধে খেলিব। স্বৰ্ণ জয়ৰ লক্ষ্য হেৰুৱাই হৰমনপ্ৰীত সিঙৰ দলটোৱে অন্ততঃ ব্ৰঞ্জৰ পদক লাভ কৰাৰ লক্ষ্য ৰাখিব। পুৰুষৰ হকীত ভাৰতে ৮ বাৰ স্বৰ্ণ পদক লাভ কৰাৰ বিপৰীতে ১৯৮০ চনত তেওঁলোকৰ শেষ স্বৰ্ণ পদক লাভ কৰিছিল।
আনহাতে নীৰজ চোপ্ৰাই জেভলীনত স্বৰ্ণ জয়ৰ লক্ষ্যৰে নিশা ১১.৫৫ বজত খেলপথাৰত নামিব। মুঠ ১২ গৰাকী খেলুৱৈৰ ভিতৰত নীৰজৰ তীব্ৰ প্ৰতিদ্বন্দী হব পাকিস্তানৰ আৰ্শ্বাত নদীম ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ