অসম লাইভ২৪ঃ ভাৰতবৰ্ষত নিষিদ্ধ ঘোষণা কৰা হ’ল ৬৩ টাকৈ পৰ্ণ চাইট। ২০২১ বৰ্ষৰ তথ্যপ্ৰযুক্তি আইনৰ অধীনত এই ৬৩ টা পৰ্ণ চাইট অচিৰেই বন্ধৰ ঘোষণা কৰিছে দেশৰ টেলি যোগাযোগ বিভাগে।
পৰ্ণগ্ৰাফী ৰোধ কৰিবৰ বাবেই এই সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে। ভাৰতত নিষিদ্ধ ঘোষণা কৰা এই পৰ্ণ চাইটসমূহ কোনো ইউজাৰকাৰীৰ ফোন বা কম্পিউটাৰত যদি এবাৰ বন্ধ কৰিছে তেন্তে সেয়া আৰু পুনৰাই খোলা নাযাব।
উল্লেখ্য যে ২০১৮ চনত উত্তৰাখণ্ড হাই কৰ্টে দিয়া এক নিৰ্দেশনাৰ পিছত ৮০০ টাকৈ পৰ্ণ চাইট নিষিদ্ধ কৰা হৈছিল। পুনৰ বন্ধ কৰিবলৈ লোৱা ৬৩ টা পৰ্ণ চাইটৰ নামো প্ৰকাশ কৰিছে ভাৰত চৰকাৰৰ টেলি যোগাযোগ বিভাগে।
কি কি পৰ্ণ চাইট নিষিদ্ধ ঘোষণা হ’ল সেই তালিকাত প্ৰধানত আছে, ‘Indianporngirl’, ‘Aggmaal’, ‘Mmsbee’, ‘desi52’, ‘crazy18movies’, ‘ymlporn7’, ‘xxxindianporn2’ ইত্যাদি এই তালিকাত আছে। ইপিনে ‘goindian2’, ‘desixxxtube2’, ‘porndor’, ‘dalporn’ ইত্যাদিকে ধৰি ৬৩ টা চাইট অচিৰেই সম্পূৰ্ণৰূপে বন্ধ হ’ব বুলি জনাইছে টেলি যোগাযোগ বিভাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ