আজি দেশে উদযাপন কৰিছে ৭৩ সংখ্যক গণৰাজ্য দিৱস। মহামাৰীৰ সন্ত্ৰাসৰ মাজতো দেশবাসীয়ে অংশ লৈছে গণৰাজ্য দিৱসৰ কাৰ্যসূচীত। নীল আকাশত সদম্ভে উৰিছে ত্ৰিৰংগা। গণৰাজ্য দিৱস উপলক্ষে আজি দিল্লীত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে পতাকা উত্তোলন কৰে। এই কাৰ্যসূচীত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
দিল্লীৰ কাৰ্যসূচীত দেশৰ নিৰাপত্তা সংস্থাসমূহে পেৰেডত অংশ লোৱাৰ লগতে বিভিন্ন কলা-কৌশল প্ৰদৰ্শন কৰে। বিভিন্ন ৰাজ্যৰ প্ৰতীকপট দিল্লীৰ ৰাজপথত প্ৰদৰ্শিত হোৱাৰ উপৰি সাংস্কৃতিক দল সমূহেও অংশগ্ৰহণ কৰে। দিল্লীৰ কাৰ্যসূচীত কোভিড প্ৰ’ট’কল অনুসৰি দুয়োপালি ক’ৰোনা প্ৰতিষেধক গ্ৰহণ কৰা প্ৰাপ্তবয়স্ক আৰু ১৫ বছৰৰ বয়সৰ ওপৰৰ এপালি প্ৰতিষেধক গ্ৰহণ কৰা কিশোৰ-কিশোৰীক প্ৰৱেশৰ অনুমতি দিয়া হৈছে।
আনহাতে গুৱাহাটীৰ খানাপাৰাত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে ৰাজ্যপাল জগদীশ মুখিয়ে। গুৱাহাটীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে অন্যান্য মন্ত্ৰীসকলে ৰাজ্যৰ বিভিন্ন স্থানত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব।
মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে গোৱালপাৰাত, অতুল বৰাই যোৰহাটত, কেশৱ মহন্তই ডিব্ৰুগড়ত, পৰিমল শুক্লবৈদ্যই বঙাইগাঁৱত, ডাঃ ৰণোজ পেগুৱে শোণিতপুৰত, উৰ্খাও গৌড়া ব্ৰহ্মই তামুলপুৰত, ৰঞ্জিত দাসে নলবাৰীত, পীয়ুষ হাজৰিকাই তিনিচুকীয়াত, অজন্তা নেওগে নগাঁৱত, অশোক সিংঘালে কাছাৰত, যোগেন মহনে লখিমপুৰত, সঞ্জয় কিষাণে গোলাঘাটত, ধুবুৰীত মন্ত্ৰী বিমল বৰা, কোকৰাঝাৰত বিটিচিৰ CEM প্ৰমোদ বড়ো, কাৰ্বি আংলঙত কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ CEM তুলিৰাম ৰংহাং, ডিমাহাচাওত ডিমাহাচাও স্বায়ত্ত শাসিত পৰিষদৰ CEM দেৱলাল গাৰ্লোচাই আৰু ওদালগুৰিত বিটিচিৰ ডেপুটি CEM গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ