অসম লাইভ ২৪ঃ কিছুদিন পূৰ্বে অৰুণাচল প্ৰদেশত ওপৰ সোৱণশিৰি অঞ্চলত চীনে গাঁও নিৰ্মাণ কৰাৰ কথা ছেটেলাইটৰ ছবিৰ জৰিয়তে পোহৰলৈ আহিছিল। বিশেষজ্ঞসকলে মন্তব্য প্ৰকাশ কৰিছিল যে, এই গাঁও সম্পূৰ্ণৰূপে ভাৰতীয় সীমাৰ ভিতৰত আছে। এই সমগ্ৰ ঘটনা সম্পৰ্কে বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চীনে। চীনৰ বিদেশ মন্ত্ৰালয়ে কয় যে চীনৰ ভূমিৰ ওপৰত ভাৰতে অবৈধভাৱে নিৰ্মাণ কৰা তথাকথিত অৰুণাচল প্ৰদেশক কেতিয়াও চীনে মান্যতা প্ৰদান কৰা নাই। চীনে অৰুণাচল প্ৰদেশক দক্ষিণ তিব্বতৰ এক অংশ বুলি ভাবে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ