অৱশেষত আহিল সেই মাহেন্দ্ৰক্ষণ৷ দীৰ্ঘ চৰ্চাৰ অন্তত শুভাংশু শুক্লাসহ ৪ অভিযাত্ৰীক লৈ মহাকাশৰ উদ্দেশ্যে ৰাওনা হল স্পেছ এক্সৰ ড্ৰেগন৷ ভাৰতীয় সময় অনুসৰি বুধবাৰে বিয়লি ১২ বাজি ১ মিনিটত আমেৰিকাৰ ফ্লৰিডাৰ কেনেডি স্পেছ চেণ্টাৰৰ পৰা ফেলকন ৯ ৰকেটৰ সফল উৎক্ষেপণৰ মাধ্যমেৰে আৰম্ভ হল শুভাংশুৰ অভিযান৷
শুভাংশুৰ এই অভিযানৰ নাম এক্সিয়ম-৪৷ প্ৰথমে নাছা আৰু ইছৰোৰ যৌথ উদ্যোগত এই অভিযান হোৱাৰ কথা আছিল ২৯ মেত৷ কিন্তু প্ৰযুক্তিগত ত্ৰুটিসহ নানান কাৰণত বাৰে বাৰেই অভিযান পিছুৱাই থকা হৈছিল৷ শেষত মঙলবাৰে নাছাই জনাই যে বুধবাৰে এই অভিযান হব৷ সেই মতেই আৰম্ভ হয় প্ৰস্তুতি৷ আৰম্ভ হয় প্ৰহৰ গণাৰ সময়৷ অৰলেণ্ডৰ এক সংবাদমাধ্যম সূত্ৰৰ খবৰ অনুসৰি বুধবাৰে পুৱা উৎক্ষেপণৰ কেইঘণ্টা পূৰ্বেও প্ৰযুক্তিগত ত্ৰুটিয়ে দেখা দিছিল যদিও এই অভিযান সফল হৈছে৷ সফল উৎক্ষেপণ কৰা হৈছে শুভাংশুহঁতক কঢ়িয়াই নিয়া যানখনৰ৷
নিৰ্ধাৰিত সময়তেই কেনেডি স্পেছ চেণ্টাৰৰ ৩৯ত লঞ্চ কমপ্লেক্স মহাকাশযানত উঠি মহাকাশলৈ গৈছে শুভাংশুসহ চাৰি নভোশ্চৰ৷ ঠিক ১২ বাজি ১ মিনিটত ফেলকন-৯ৰ উৎক্ষেপণ হয়৷ আন্তৰ্জাতিক মহাকাশ ষ্টেচনৰ উদ্দেশ্যে যাত্ৰা কৰিছে এই ড্ৰেগনে৷ নাছাৰ এই অভিযানৰ বাবে ইছৰোৰ তৰফৰ পৰা প্ৰাথমিকভাৱে বাচি লোৱা হৈছে দুই গগনযাত্ৰী শুভাংশু শুক্লা আৰু প্ৰশান্ত বালাকৃষ্ণণ নায়াৰক৷ উত্তৰপ্ৰদেশৰ লক্ষ্ণৌৰ সন্তান শুভাংশু ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন৷ মূল মহাকাশচাৰী হিচাপে বাচি লোৱা হৈছে ৩৯ বছৰৰ শুভাংশুক৷
শুভাংশু ড্ৰেগনৰ পাইলট হলেও অভিযানৰ কমাণ্ডাৰ হিচাপেও নেতৃত্ব দিছে নাছাৰ প্ৰাক্তন নভোশ্চৰ তথা অক্সিয়ম স্পেছৰ মানৱ মহাকাশযানৰ ডাইৰেক্টৰ ৰেগি হুইটছন৷ ইয়াৰোপৰি আছে পোলেণ্ডৰ শ্লায়োছ উজনানস্কি-উইছনিউস্কি আৰু হাংগেৰিৰ টিবৰ কাপু৷
উল্লেখ্য যে ১৪ দিনৰ এই অভিযানৰ বাবে দীৰ্ঘ প্ৰশিক্ষণ দিয়া হৈছে ৪ নভোশ্চৰক৷ যাতে মহাকাশলৈ যোৱাৰ পূৰ্বে সংক্ৰমণজনিত কোনো ৰোগত অসুস্থ হৈ নপৰে তাৰ বাবে বিগত এমাহ ধৰি চাৰিজনক ৰখা হৈছে কোৱাৰেণ্টাইনত৷ আগন্তুক ১৪ দিন তেওঁলোক আন্তৰ্জাতিক মহাকাশ ষ্টেচনত থাকিব৷ তাতেই অন্তত ৬০ টা পৰীক্ষানিৰীক্ষা চলাব তেওঁলোকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















