• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

1 week ago
আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

14 minutes ago
৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

8 hours ago
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

8 hours ago
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

9 hours ago
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

9 hours ago
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

10 hours ago
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

10 hours ago
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

11 hours ago
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

12 hours ago
শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

12 hours ago
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

13 hours ago
নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

৬৪ বছৰৰ দীঘলীয়া অপেক্ষাৰ অন্ত

editor by editor
October 1, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, ভাৰত
0
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ
0
SHARES
114
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এছিয়ান গেমছৰ গ্ৰীক-ৰোমান মল্লযুঁজৰ ফাইনেলত জাপানৰ ইউৰি নাকাজাটোৰ হাতত পৰাস্ত হ’লেও ভাৰতীয় মল্লযুঁজাৰু নীতেশ ছিৱাচে দেশলৈ ৰূপৰ পদক কঢ়িয়াই আনিছে। এই পদকৰ জৰিয়তে এছিয়ান গেমছৰ গ্ৰীক-ৰোমান মল্লযুঁজত পদক লাভৰ বাবে ভাৰতৰ ৬৪ বছৰৰ অপেক্ষাৰ অন্ত পৰিল। ফাইনেলত ইউৰি নাকাজাটোৱে নীতেশক পৰাস্ত কৰি স্বৰ্ণ পদক লাভ কৰে। আনহাতে, নীতেশে ৰূপৰ পদক লাভ কৰে।

ইয়াৰ পূৰ্বে ১৯৬২ চনৰ এছিয়ান গেমছত গণপত আন্দলকাৰে ৯৭ কেজিৰ ঊৰ্ধ্বৰ ওজন শাখাত ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক লাভ কৰিছিল। কিন্তু তাৰ পিছত ভাৰতীয় গ্ৰীক-ৰোমান মল্লযুঁজাৰুৱে এছিয়ান গেমছত পদক লাভ কৰিব পৰা নাছিল। আনকি ফাইনেলতো প্ৰৱেশ কৰিব পৰা নাছিল। সেয়ে নীতেশৰ এই ৰূপৰ পদক ভাৰতীয় মল্লযুঁজৰ বাবে বিশেষ সফলতা হিচাপে বিবেচিত হৈছে।

হাৰিয়ানাৰ চোনিপাট জিলাৰ জগছি গাঁৱৰ বাসিন্দা নীতেশ ছিৱাচৰ এই সফলতাৰ আঁৰত আছে বহু সংগ্ৰামৰ কাহিনী। প্ৰতাপ স্প’ৰ্টছ স্কুলত প্ৰশিক্ষণ লৈ থকা সময়তে নীতেশৰ আঁঠুত গুৰুতৰ আঘাত লাগে। ইয়াৰ পিছত তেওঁৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হয়। আঘাতৰ বাবে কিছু সময়ৰ বাবে তেওঁ মল্লযুঁজ এৰি দিবলগীয়া হৈছিল। সেই সময়ত নীতেশে পৰিয়ালক সহায় কৰিবলৈ গাখীৰ বিক্ৰী কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ পিতৃ আনন্দ ছিৱাচে গাঁৱৰ পৰা গাখীৰ কিনি পানীপাটত ঘৰে ঘৰে গৈ বিক্ৰী কৰিছিল। নীতেশেও এই কামত পিতৃক সহায় কৰিছিল।

কিছুদিন এইদৰে কাম কৰাৰ পিছত নীতেশে পিতৃক পুনৰ মল্লযুঁজ আৰম্ভ কৰাৰ ইচ্ছা প্ৰকাশ কৰে। পিতৃয়েও তেওঁক উৎসাহ দিয়ে। আনন্দ ছিৱাচে নিজেও বিচাৰিছিল যে তেওঁৰ পুত্ৰ এগৰাকী মল্লযুঁজাৰু হওক, কাৰণ নিজৰ আগ্ৰহ থকা সত্ত্বেও তেওঁ মল্লযুঁজৰ কেৰিয়াৰ গঢ়িব পৰা নাছিল। সৰুতে নীতেশে মল্লযুঁজতকৈ ক্ৰিকেট খেলিবলৈহে বেছি ভাল পাইছিল। আনহাতে, তেওঁৰ পিতৃয়ে সদায় বিচাৰিছিল যে নিতেশ এগৰাকী মল্লযুঁজাৰু হওক।

পিছত নীতেশক খাৰখোদাৰ প্ৰতাপ স্প’ৰ্টছ স্কুলত নামভৰ্তি কৰোৱা হয়। বিদ্যালয়খনত আৰম্ভণিতে তেওঁৰ কবাডীৰ প্ৰতিও যথেষ্ট আগ্ৰহ আছিল। কিন্তু ক্ৰীড়া বিদ্যালয়খনৰ পৰিৱেশ আৰু প্ৰশিক্ষণে তেওঁৰ মন সলনি কৰে। এই বিদ্যালয়ৰ পৰাই বহু প্ৰতিভাৱান মল্লযুঁজাৰু ওলাই আহিছে। প্ৰতাপ স্প’ৰ্টছ স্কুলৰ পৰিচালক ওম প্ৰকাশ দহিয়াই নীতেশৰ শাৰীৰিক গঠনৰ প্ৰশংসা কৰি তেওঁক ১৯৭০ চনৰ এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা মহান ভাৰতীয় ফ্ৰীষ্টাইল মল্লযুঁজাৰু চান্দগী ৰামৰ সৈতে তুলনা কৰিছে।

৯৭ কেজি ওজন শাখাত নীতেশে অৰ্হতা ৰাউণ্ডত ‘বাই’ লাভ কৰি পোনপটীয়াকৈ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে। কোৱাৰ্টাৰ ফাইনেলত তেওঁ তুৰ্কমেনিস্তানৰ আমানবাৰ্ডি আগামামেদভক ৭-১ ব্যৱধানত পৰাস্ত কৰে। তাৰ পিছত ছেমিফাইনেলত মংগোলিয়াৰ গংকুয়াগ গানবাটাৰক ৯-০ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ফাইনেলত জাপানৰ ইউৰি নাকাজাটোৰ বিৰুদ্ধে জয়লাভ কৰিব নোৱাৰিলেও নীতেশে ৰূপৰ পদক নিশ্চিত কৰে। তেওঁৰ এই সফলতাই কেৱল ব্যক্তিগত কেৰিয়াৰতে নহয়, ভাৰতীয় গ্ৰীক-ৰোমান মল্লযুঁজৰ ইতিহাসতো এক নতুন অধ্যায়ৰ সূচনা কৰিলে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asian gamesasom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ
জীৱনশৈলী

আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

October 9, 2026
৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?
বিনোদন

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

October 8, 2026
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি
বিশ্ব

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

October 8, 2026
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?
অসম

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

October 8, 2026
Next Post
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ'ব এই সংযোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.