অসম লাইভ ২৪ঃ পাৰমাণৱিক ক্ষেত্ৰত আন এক সফলতা লাভ ভাৰতৰ৷ বুধবাৰে উৰিষ্যা ক’ষ্টত ভাৰতৰ বেলিষ্টিক মিচাইল ‘প্ৰলয়’ৰ সফল পৰীক্ষণ সম্পন্ন৷ চীনৰ বিৰুদ্ধে যুঁজিব পৰাকৈ সক্ষম ভাৰতৰ দেশীয় Surface to Surface মিছাইল ‘প্ৰলয়’৷ ঊৰিষ্যা ক’ষ্টৰ পৰা প্ৰলয়ৰ সফল পৰীক্ষণ সম্পন্ন কৰে DRDOই৷ শত্ৰুৰ বিৰুদ্ধে ৩৫০- ৫০০ কিলোমিটাৰ দূৰত্বৰ পৰা আক্ৰমণ কৰিব পাৰে এই মিছাইলে৷ ইয়াৰ উপৰি ৫০০- ১০০০ কিলোগ্ৰাম ওজন বহন কৰিব পাৰে প্ৰলয়ে৷ ২০১৫ চনৰ পৰা এই মিছাইল প্ৰস্তুত কৰাৰ কথা সদৰী কৰিছে DRDOই৷ ৰিপ’ৰ্ট অনুসৰি, অন্য চৰ্ট ৰেঞ্জ মিচাইলৰ তুলনাত অধিক শক্তিশালী ৰূপত প্ৰলয়ক তৈয়াৰ কৰিছে DRDOই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ