বহু প্ৰতীক্ষিত এক ঐতিহাসিক পদক্ষেপ৷ ভাৰত আৰু ব্ৰিটেইনে অৱশেষত স্বাক্ষৰ কৰিলে দুই দেশৰ মুক্ত বাণিজ্য চুক্তি৷ এই চুক্তিৰ ফলত দুই দেশৰ মাজত পণ্য আৰু পৰিসেৱা লেনদেনৰ পৰিমাণ আগন্তুক দিনত বছৰত অতিৰিক্ত ৩৪ বিলিয়ন মাৰ্কিন ডলাৰ পৰ্যন্ত বাঢ়িব পাৰে বুলি আশা কৰা হৈছে৷
এই FTAৰ ফলত ভাৰতত তৈয়াৰী পোছাক, চামড়াৰ সামগ্ৰী, ঔষধ, বাহন আৰু কৃষিজ পণ্য ব্ৰিটেইনৰ বজাৰত শুল্কহীন বা কম শুল্কত প্ৰৱেশাধিকাৰ পাব৷ ইয়াৰোপৰি ব্ৰিটেইনৰ পৰা ভাৰতত বৈদ্যুতিক বাহন, প্ৰিমিয়াম হুইস্কি, উন্নত যন্ত্ৰপাতি আৰু আৰ্থিক পৰিসেৱা সাশ্ৰয়ী দামত আমদানি কৰা সম্ভৱ হব৷
চুক্তি স্বাক্ষৰ কৰিছে ভাৰতৰ বাণিজ্য আৰু শিল্পমন্ত্ৰী পীয়ুষ গোৱেল আৰু ব্ৰিটেইনৰ আন্তৰ্জাতিক বাণিজ্যমন্ত্ৰী কেমি বেডেনে৷ দুই দেশৰ মাজত দীৰ্ঘ ১৪ ৰাউণ্ড আলোচনাৰ পাছত এই চুক্তি বাস্তৱায়িত হৈছে যি দুই দেশৰ অৰ্থনীতিত নতুন দিগন্ত উন্মোচন কৰিব বুলি ধাৰণা কৰিছে বিশেষজ্ঞই৷
ভাৰতৰ পৰৰাষ্ট্ৰ মন্ত্ৰণালয়ে এক বিবৃত্তিত জনাইছে যে এই চুক্তি কেৱল অৰ্থনৈতিকেই নহয় কৌশলগত দিশৰ পৰাও দুই দেশৰ অংশীদাৰিত্বক আৰু মজবুত কৰিব৷ ইয়াৰ সৈতে এটা Make in India আৰু ভাৰতৰ বৈশ্বিক উৎপাদন কেন্দ্ৰ হিচাপে উত্থানক ত্বৰান্বিত কৰিব৷ এই চুক্তিত প্ৰতিক্ৰিয়া জনাই Institute of Chartered Accountants of India-ৰ পূৰ্বাঞ্চলৰ প্ৰাক্তন চেয়াৰমেনে কয়, ‘এই মুক্ত বাণিজ্য চুক্তিৰ ফলত ভাৰতৰ ৰপ্তানি উল্লেখযোগ্যভাৱে বাঢ়িব৷ ইয়াৰোপৰি ব্ৰিটেইন ভিত্তিক বৈদ্যুতিক বাহন আৰু স্কচ হুইস্কিৰ দাম ভাৰতীয় বজাৰত বহুতেই সস্তাও হব৷
এই চুক্তি কাৰ্যকৰ হলে দুই দেশৰ মাজত বিনিয়োগ প্ৰবাহ বাঢ়িব বুলি আশা কৰা হৈছে৷ যিয়ে নতুন কৰ্মসংস্থানৰ সুযোগ তৈয়াৰ কৰিব পাৰে৷ ইয়াৰোপৰি প্ৰযুক্তি স্থানান্তৰ, শিক্ষা আৰু পৰিবেশবান্ধৱ শিল্প খাতত সহযোগিতা বৃদ্ধিৰ পথ প্ৰশস্ত হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ