দুই ভাতৃ মিলি বিবাহ কৰাইছে এগৰাকী মহিলাক৷ কোনো চাপত পৰি নহয়, স্বেচ্ছাই মনৰ সুখেৰে এই সিদ্ধান্ত লৈছে তিনিওগৰাকীয়ে৷ হৈ চৈ আৰম্ভ হৈছে এই বিবাহক লৈ৷ ঘটনাটো হিমাচল প্ৰদেশৰ শিলাই গাওঁত৷ জানিব পৰামতে তিনিদিনীয়াকৈ ধুমধামেৰে তেওঁৰ বিবাহ সম্পন্ন হৈছে৷ ১৫ জুনত বিবাহপাশত আৱদ্ধ হৈছে তিনিওগৰাকী৷ হিমাচল প্ৰদেশৰ হাত্তি জনজাতিৰ এই বিবাহক লৈ আৰম্ভ হৈছে চৰ্চা৷ দুই ভাতৃ প্ৰদীপ আৰু কপিল নেগি দুজনে মিলি বিবাহ কৰাইছে সুনীতা চৌহান নামৰ এগৰাকী যুৱতীক৷
তিনিওজনৰ এই বিবাহৰ ভিডিঅ’ ভাইৰেল হৈছে নেটদুনীয়াত৷ জনা গৈছে চৰকাৰী চাকৰি কৰে প্ৰদীপে৷ অন্যহাতে কপিল বিদেশত কৰ্মৰত৷ সুনীতাই কয়, তেওঁ নিজ ইচ্ছাৰেই এই বিবাহৰ সিদ্ধান্ত লৈছে৷ তিনিওজনৰ যি বন্ধন তৈয়াৰ হৈছে সেই সেই বন্ধনক তেওঁ যথেষ্ট সন্মান কৰে৷ বিদেশত থাকিলেও এই বিবাহবন্ধনক সন্মান কৰিব বুলি জনাইছে কপিলে৷
শিলাই গাওঁত এনে বিবাহ অৱশ্যে নতুন নহয়৷ জোড়িদাৰা নামৰ এই প্ৰথা দীৰ্ঘদিন ধৰি চলি আহিছে হাত্তি জনজাতিৰ মাজত৷ এই বিবাহক মান্যতা দিয়ে হিমাচল প্ৰদেশৰ ৰেভেনিউ আইনেও৷ বিগত ৬ বছৰত এনে পাঁচখন বিবাহ অনুষ্ঠিত হৈছে৷ অতীতত এনে বিবাহ খুবেই প্ৰচলিত হলেও বৰ্তমান হাত্তি জনজাতিৰ মাজত এই বিবাহ কমি আহিছে৷ তিনিবছৰ পূৰ্বে হাত্তি জনজাতিক তফছিলি জাতিৰ পৰিচয়ো দিয়া হৈছে৷ তেতিয়াৰ পৰা বৰ্তমানলৈ এইখনেই পুনৰ অনুষ্ঠিত হোৱা এক যুৱতী দুই পুৰুষৰ বিবাহ৷
কেন্দ্ৰীয় হাত্তি সমিতিৰ সাধাৰণ সচিব কুন্দন সিং শাস্ত্ৰীৰ মতে, প্ৰাচীনকালত এনে বিবাহৰ প্ৰচলন কৰা হৈছিল যাতে খেতিৰ মাটি বহুতৰে মাজত ভাগ নহয়৷ ইয়াৰোপৰি ককায়েক ভায়েকৰ মাজত বিবাদ যাতে নাহে তাৰবাবে এই ধৰণৰ সিদ্ধান্ত লোৱা হৈছিল৷ হাজাৰ বছৰৰো বেছি সময় ধৰি এই বিবাহৰ প্ৰথা চলি আহিছে হাত্তি সমাজত৷ আধুনিক সময়ত এই বিবাহ কমি আহিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















