অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত ভাৰতীয় দলত কোন কোন! খেলি থকা দুগৰাকী খেলুৱৈ বাহিৰ
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত পাঁচখনীয়া টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ এডিলেইডত অনুষ্ঠিত হ’ব। এই দিবা-নৈশ খেলখন গোলাপী বলৰ সৈতে খেলা হ’ব। প্ৰথমখন খেলত জয়লাভ কৰি শৃংখলাত ১-০ ত আগবাঢ়ি আছে টিম ইণ্ডিয়াই। ইয়াৰ উপৰিও এডিলেইড টেষ্টত টিম ইণ্ডিয়াৰ প্লেইং এলেভেনত সালসলনি দেখা যাব।
ৰোহিত শৰ্মা দললৈ ঘূৰি অহাৰ লগে লগে দ্বিতীয়খন টেষ্ট মেচত পুনৰবাৰ অধিনায়কত্ব কৰা দেখা যাব ৰোহিতক। ৰোহিত শৰ্মাৰ উভতি অহাৰ পিছত এডিলেইড টেষ্টত টিম ইণ্ডিয়াৰ অপেনিং যুটিও সলনি হ’ব।
পাৰ্থ টেষ্টত ৰোহিতৰ অনুপস্থিতিত যশস্বী জয়ছৱাল আৰু কে এল ৰাহুলক অ’পেনিং কৰা দেখা গৈছিল। এতিয়া দ্বিতীয়খন টেষ্টত এবাৰ যশস্বী জয়ছৱাল আৰু ৰোহিত শৰ্মাক ইনিংছ আৰম্ভ কৰা দেখা যাব।
ইয়াৰ বাহিৰেও কে এল ৰাহুলক আকৌ এবাৰ মিডল অৰ্ডাৰত খেলা দেখা যাব। প্ৰথমখন মেচত ৰাহুলে অ’পেনিঙত উজ্জ্বল বেটিং কৰা দেখা গৈছিল। ইয়াৰ উপৰিও দ্বিতীয়খন টেষ্ট মেচত ৰোহিতৰ লগতে ঘূৰি আহিছে শ্বুভমন গিল। গিলক ৩ নম্বৰ স্থানত বেটিং কৰা দেখা যাব।
এতিয়া দুজনকৈ খেলুৱৈৰ আগমণত প্ৰথম টেষ্টত খেলি থকা দুজন খেলুৱৈ বাদ পৰিব। প্ৰথমখন টেষ্ট মেচত টিম ইণ্ডিয়াৰ প্লেইং এলেভেনত অন্তৰ্ভুক্ত হোৱা দেৱদত্ত পাডিকাল আৰু ধ্ৰুৱ জুৰেলক বাদ দিব মূল একাদশৰ পৰা।
টিম ইণ্ডিয়াৰ প্লেয়িং ১১ৰ সম্ভাৱনা- যশস্বী জয়ছৱাল, ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, বিৰাট কোহলী, ঋষভ পন্ত, কে এল ৰাহুল, নীতিশ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ আৰু হৰ্ষিত ৰাণা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ