শূণ্যতে ৰোহিত-চিৰাজৰ আচৰিত কেচ, ভাইৰেল ভিডিঅ’
কানপুৰৰ গ্ৰীণ পাৰ্কত অনুষ্ঠিত হৈ থকা দ্বিতীয়খন টেষ্টৰ তৃতীয় দিনা ভাৰতীয় খেলুৱৈসকলে দুটা আচৰিত ধৰণৰ কেচ লৈ চাঞ্চল্যৰ সৃষ্টি কৰে। অধিনায়ক ৰোহিত শৰ্মাই প্ৰথমটো কেচ লয় আৰু মহম্মদ চিৰাজে আঘাতৰ টেনচন পাহৰি দ্বিতীয়টো কেচ লয়। এতিয়া এই দুটা ধৰাৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত অতি দ্ৰুতগতিত ভাইৰেল হৈ আছে। অনুৰাগীসকলেও এই দুটা কেচক লৈ নিজ নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
https://x.com/mufaddal_vohra/status/1840624092040343696
মহম্মদ চিৰাজৰ বলত চাৰি অভাৰৰ কভাৰ মাৰিবলৈ চেষ্টা কৰিছিল লিটন দাসে। কিন্তু তাত থিয় হৈ থকা ৰোহিত শৰ্মাই জপিয়াই এহাতেৰে অতি আচৰিত ধৰণে কেচটো ধৰে। ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে ৰোহিতৰ এই কেছৰ ভিডিঅ’।
https://x.com/fairytaledustt_/status/1840630093829271600
কেৱল ৰোগিতেই নহয়, ইয়াৰ পিছতে মহম্মদ ছিৰাজেও অতি বিপজ্জনকভাৱে এটা কেচ লৈ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰ আশ্বিনৰ অভাৰত ছাকিব আল হাছানে ছিৰাজৰ মূৰৰ ওপৰেৰে ফোৰ মাৰিবলৈ চেষ্টা কৰিছিল। এই উজ্জ্বল কেচটো লোৱাৰ সময়ত ছিৰাজে আঘাত পোৱাৰ কথাও ভবা নাছিল।
https://x.com/mufaddal_vohra/status/1840629185225589055
চিৰাজৰ কেচটো দেখি সকলোৱে আচৰিত হৈ পৰে। জপিয়াই শূম্যতে কেচ ধৰি পিছফালে পৰি যায় চিৰাজ। বাংলাদেশে ছাকিব আল হাছানৰ ৰূপত ষষ্ঠটো বৃহৎ আঘাতৰ সন্মুখীন হয় চিৰাজৰ কেচটোৰ ফলত। মাত্ৰ ৯ ৰান সংগ্ৰহ কৰি আউট হৈছিল ছাকিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ