১ আৰু ০ ৰানতে আউট বিৰাট কোহলী আৰু ৰোহিত শৰ্মা, এতিয়ালৈকে ভাৰতে হেৰুৱালে ৫টা উইকেট
ভাৰত-নিউজিলেণ্ডৰ দ্বিতীয় টেষ্ট মেছৰ আজি ২৫ অক্টোবৰ শুকুৰবাৰে আৰম্ভ হৈছে ভাৰতৰ বেটিং। কিন্তু আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতে ভাৰতে হেৰুৱাই ৫ টাকৈ উইকেট।
আৰম্ভণি একেবাৰে বেয়া কৰে ভাৰতীয় দলে। নিউজিলেণ্ডে বান্ধি দিয়া ২৫৯ ৰানৰ লক্ষ্য লৈ পথাৰত নমা ভাৰতীয় দলে ৰোহিত শৰ্মাৰ ৰূপত হেৰুৱাই প্ৰথমটো উইকেট।
এক ৰানো কৰিবলৈ সক্ষম নহয় কেপ্টেইন ৰোহিত শৰ্মাই। ৯ টা বল খাই শূন্য ৰানতে আউট হয় হিট মেন। কেৱল ৰোহিতেই নহয়, বিৰাট কোহলীয়ো সম্পূৰ্ণৰূপে বিফল।
কেৱল মাথো ১ ৰান কৰি পেভিলিয়ানলৈ উভতে কিং কোহলী। ৰোহিতৰ দৰেই ৯ টা বলত খাই, কিন্তু মাত্ৰ ১ ৰান কৰে। টিম ছাউথীৰ বলত আউত ৰোহিত আনহাতে মিছেল ষ্টেনাৰৰ বলত কোহলীক আউট কৰি সফল হয় নিউজিলেণ্ড দল।
ৰোহিত আৰু কোহলীৰ বাদে শুভমান গীল, যশছভী জইশৱাল আৰু ঋষভ পণ্ট আউট হয়। শুভমানে ৭২ টা বলত ৩০ ৰান কৰে, জইশৱালে ৬০ টা বলত ৩০ কৰি আউট হয় আৰু ঋষভে ১৯ টা বলত ১৮ ৰান কৰে।
বৰ্তমানে ভাৰতীয় দলটোৰ হৈ ক্ৰীজত আছে ৰবীন্দ জাদেজা আৰু ছৰফৰাজ খান। বৰ্তমানলৈ ভাৰতীয় দলটোৱে কৰিছে ১০০ ৰানো কৰিবলৈ সক্ষম হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ