অসম লাইভ ২৪ঃ আজি টকিঅ’ অলিম্পিকৰ নৱম দিন। ‘গ্ৰেটেষ্ট শ্ব’ অন দ্য আৰ্থ’ত ভাৰতীয় মহিলা খেলুৱৈৰ সফলতাৰ ধাৰা অব্যাহত আছে। ডিচকাচ থ্ৰ’ত পদকৰ দৌৰৰ শীৰ্ষত ভাৰতীয় মহিলা খেলুৱৈ। ৬৪ মিটাৰ প্ৰয়াসেৰে ফাইনেলত প্ৰৱেশ কমলপ্ৰীত কৌৰৰ। ইফালে, আজি ছেমি ফাইনেলত অৱতীৰ্ণ হ’ব শ্বাটলাৰ পি ভি সিন্ধু। চীনৰ শক্তিশালী বেডমিণ্টন তাৰকা টাই ঝু ইঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব সিন্ধু। আজি বক্সিং ৰিঙত নামিব ভাৰতীয় বক্সাৰ পূজা ৰাণী। মহিলাৰ মিডলৱেইট ৭৫ কেজি শাখাত কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ’ব মহিলা বক্সাৰগৰাকী। ভাৰতীয় মহিলা হকী টীমৰো বিজয় সাব্যস্ত ফাইনেল পুল মেচত। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৪-৩ ব্যৱধানত জয়ী হয় ভাৰত। অলিম্পিকত হেট্ৰিকেৰে ইতিহাস ৰচনা কৰে ভাৰতীয় হকী টীমৰ বন্দনা কাটাৰিয়াই। আনহাতে ৪ আগষ্টত বক্সিং ৰিঙত ছেমি ফাইনেলত অৱতীৰ্ণ হ’ব অসম কন্যা লাভলীনা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ