‘৩ দিন ধৰি শুব পৰা নাই’ ইৰাণত আৱদ্ধ ভাৰতীয় ছাত্ৰৰ ক্ৰন্দন, উদ্ধাৰৰ বাবে কাতৰ আহ্বান কেন্দ্ৰীয় চৰকাৰক
ভাৰত চৰকাৰৰ ওচৰত সহায় ভিক্ষা খুজি কান্দি উঠিছে ইৰাণত আৱদ্ধ ভাৰতীয় ছাত্ৰ-ছাত্ৰী সকল। কান্দি কান্দি ছাত্ৰ-ছাত্ৰী সকলে ৩ দিন ধৰি শুব পৰা নাই প্ৰাণৰ ভয়ত।
ইৰাণত ক্ৰমাৎ বৃদ্ধি পোৱা ইজৰাইলৰ আক্ৰমণৰ মাজতে শতাধিক ভাৰতীয় চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ এপাৰ্টমেণ্টৰ বেছমেণ্টত আত্মগোপন কৰি নিজৰ জীৱন ৰক্ষা কৰি আছে। বন্দুকৰ গুলীৰ শব্দ, বোমা বিস্ফোৰণৰ প্ৰতিধ্বনি আৰু ইণ্টাৰনেটৰ লেহেমীয়া গতিৰ মাজতে দিনে নিশাই আতংকিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকল।
এই ভয়াৱহ পৰিস্থিতিত ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত সহায়ৰ বাবে আবেদন জনাইছে। অতি শীঘ্ৰেই উদ্ধাৰৰ বাবে কাতৰ আহ্বান ছাত্ৰ-ছাত্ৰী সকলৰ।
ইৰাণৰ শ্বাহিদ বেহেষ্টী বিশ্ববিদ্যালয়ত ৩৫০ জনতকৈ অধিক ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে। এতিয়া সকলোৱে ভয়ৰ ছাঁত আৱদ্ধ হৈ থাকিবলৈ বাধ্য হৈছে। বিশ্ববিদ্যালয়খনে সকলো পাঠদান স্থগিত ৰখাৰ লগতে ছাত্ৰ-ছাত্ৰীক বাহিৰলৈ ওলোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে।
ইৰাণৰ অৱনতি ঘটা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তেহৰাণত থকা ভাৰতীয় দূতাবাসে ৰাজহুৱা পৰামৰ্শ জাৰি কৰি সকলো ভাৰতীয় নাগৰিক আৰু পিআইঅ’ক ঘৰৰ ভিতৰতে থাকিবলৈ আৰু দূতাবাসে প্ৰদান কৰা টেলিগ্ৰাম লিংকৰ সৈতে সংযোগ স্থাপন কৰিবলৈ অনুৰোধ জনাইছে।
দূতাবাসে কয় যে এই লিংক কেৱল সেইসকলৰ বাবেহে যিসকল বৰ্তমান ইৰাণত আছে। দূতাবাসে এটা পোষ্টত কয় যে, “আমি সকলো ভাৰতীয় নাগৰিকক অনুৰোধ জনাইছো যে প্ৰদান কৰা টেলিগ্ৰাম লিংকটোৰ সৈতে সংযোগ স্থাপন কৰক যাতে তেওঁলোকে পৰিস্থিতিৰ সৈতে জড়িত শেহতীয়া আপডেটসমূহ লাভ কৰি থাকে।” ইয়াৰ লগতে দূতাবাসে জৰুৰীকালীন হেল্পলাইন নম্বৰো জাৰি কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















