• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অগ্নিশিখাৰ ভয় কিমান দিনলৈ! বিজ্ঞানীয়ে সেই শিখাৰেই জুখিব গতিবেগ… আদিত্য এল-১ উৎক্ষেপণৰ পৰিকল্পনা এছ সোমনাথৰ নহয়, এই পৰিকল্পনা কৰা অন্যতম বিজ্ঞানীক সোঁৱৰিলে ইছৰোৰ কৰ্মকৰ্তাই

অগ্নিশিখাৰ ভয় কিমান দিনলৈ! বিজ্ঞানীয়ে সেই শিখাৰেই জুখিব গতিবেগ… আদিত্য এল-১ উৎক্ষেপণৰ পৰিকল্পনা এছ সোমনাথৰ নহয়, এই পৰিকল্পনা কৰা অন্যতম বিজ্ঞানীক সোঁৱৰিলে ইছৰোৰ কৰ্মকৰ্তাই

3 years ago
পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯,  আহত ২৩ গৰাকী

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯, আহত ২৩ গৰাকী

12 minutes ago
আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

12 hours ago
সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

13 hours ago
বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

13 hours ago
যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

14 hours ago
KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

15 hours ago
মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

16 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

শীঘ্ৰে সলনি হ’ব ৩ ৰাশিৰ জীৱন, আছে ৰাজযোগৰ সম্ভাৱনা!

16 hours ago
পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

17 hours ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেণ এটেকে শেষ কৰিব পাৰে জীৱন! আওকাণ নকৰিব এইবোৰ লক্ষণ

18 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

অন্তিম তাৰিখৰ পূৰ্বে কৰক আধাৰ কাৰ্ডৰ এই কাম, UIDAI এ দিলে আপডেট

19 hours ago
পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

অগ্নিশিখাৰ ভয় কিমান দিনলৈ! বিজ্ঞানীয়ে সেই শিখাৰেই জুখিব গতিবেগ… আদিত্য এল-১ উৎক্ষেপণৰ পৰিকল্পনা এছ সোমনাথৰ নহয়, এই পৰিকল্পনা কৰা অন্যতম বিজ্ঞানীক সোঁৱৰিলে ইছৰোৰ কৰ্মকৰ্তাই

editor by editor
September 2, 2023
in বিজ্ঞান, ভাৰত, লেখা
0
অগ্নিশিখাৰ ভয় কিমান দিনলৈ! বিজ্ঞানীয়ে সেই শিখাৰেই জুখিব গতিবেগ… আদিত্য এল-১ উৎক্ষেপণৰ পৰিকল্পনা এছ সোমনাথৰ নহয়, এই পৰিকল্পনা কৰা অন্যতম বিজ্ঞানীক সোঁৱৰিলে ইছৰোৰ কৰ্মকৰ্তাই
0
SHARES
294
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰায় ১৭-১৮ বছৰ আগৰ কথা। বাংগালুৰুৰ ৰমন ৰিচাৰ্ছ ইনষ্টিটিউটৰ এখন বৈঠকত সূৰ্যৰ কৰোনাৰ ছবি তোলাৰ প্ৰস্তাৱ এটা লোৱা হৈছিল। ইছৰোৰ কাষলৈকো এই প্ৰস্তাৱ পঠিওৱা হৈছিল। ২০০৯ চনত সেই প্ৰস্তাৱত চিলমোহৰ পৰে। এই প্ৰকল্পক লৈ তেতিয়া ইছৰোৰ বিজ্ঞানীৰ মাজত আৰম্ভ হয় চৰ্চা। কেৱল ছবিয়েই তুলিব নে সূৰ্যৰ ওপৰত গৱেষণা চলাবলৈকো কাম আৰম্ভ কৰিব!

এই আলোচনাৰ মাজতেই ২০১৩ ৰ এটা বিশেষ দুপৰীয়াই সলাইছিল ইছৰোৰ প্ৰত্যেকজন বিজ্ঞানীৰেই মন। সেইদিনা ইছৰোৰ চেয়াৰমেন তথা মহাকাশবিজ্ঞানী উডুপি ৰামচন্দ্ৰ ৰাওয়ে এখন সভাৰ আয়োজন কৰে। সেই সভাত আৰম্ভণি ভাষণত ৰাওয়ে কয়, ‘আমি কিয় কেৱল সূৰ্যৰ কৰোনাৰ ছবি তোলাৰ কথা চিন্তা কৰিছো? আমি কিয় এল-১ পয়েণ্ট বা লেগৰেঞ্জ পয়েণ্টলৈ যোৱাৰ কথা ভাৱিব নোৱাৰো?’ ৰাওৰ এই পৰিকল্পনা শুনি সভাত উপস্থিত থকা বিজ্ঞানী হচকিতও হৈছিল। ভাৰতৰ হাতত নাছাৰ দৰে ইমান অত্যাধুনিক আন্তগাঁঠনি নাই। কেনেকৈ ভাৰতে সূৰ্যৰ এল-১ পয়েণ্টলৈ যাব?

বিজ্ঞানীসকলৰ দুচকুত সেইদিনাই সুৰুযমুখী স্বপ্ন তিৰবিৰাই উঠিছিল। য়েছ, আমি নাছাৰ দৰেই সূৰ্যৰ এল-১ পয়েণ্টত যান পঠিয়াই সূৰ্যৰ বিভিন্ন তথ্য আনিম। আমি পাৰিম। নাছাৰ দৰে এল-১ পয়েণ্টলৈ ভাৰতে যান পঠিয়ালে। ২০১৩ চনত ৰাওৱে দেখা সেই সপোন আজি সফল হৈছে। এই সফলতা দেখিবলৈ আজি ৰাও এই পৃথিৱীত নাই। শনিবাৰে আদিত্য এল-১ উৎক্ষেপণৰ পূৰ্বে বিজ্ঞানীয়ে আকৌ এবাৰ মনত পেলাইছে ৰাওৰ সেই দুৰদৰ্শী চিন্তাক।

সূৰ্য হৈছে আমাৰ আটাইতকৈ নিকটতম নক্ষত্ৰ। পৃথিৱীৰ প্ৰাণৰ উৎসও সূৰ্য। এই নক্ষত্ৰৰ অপাৰ ৰহস্যক লৈ ব্যক্তিৰ মনত কৌতুহল। সেই কৌতুহল আঁতৰাবলৈকে বিজ্ঞানীয়ে প্ৰতিনিয়ত সূৰ্যৰ বিভিন্ন দিশক লৈ গৱেষণা কৰি আছে। অৱশ্যে ভাৰতে সূৰ্য গৱেষণাত বিশেষ আগভাগ লোৱা নাছিল। আদিত্য এল-১য়েই ভাৰতে সূৰ্যলৈ পঠিওৱা প্ৰথমখন যান। আদিত্য গৈয়েই ভাৰতে সকলো তথ্য এবাৰতেই লৈ আহিব তেনে কোনো কথা নাই। কোনো এটা মহাকাশ অভিযানত বিজ্ঞানীয়ে সকলো তথ্যই লৈ আহিব বুলি কোনেও দাবী কৰিব নোৱাৰে। কাৰণ এই নক্ষত্ৰৰ অপাৰ ৰহস্য আছে। সেই ৰহস্যৰ কিঞ্চিতমানহে এই যানে আনিব পাৰিব। আদিত্য এল-১ এই অভিযানৰ এটা মাত্ৰ আৰম্ভণিহে।

বিষয়টোক লৈ বহুতৰে মনত প্রশ্ন এই অভিযানত বিজ্ঞানীয়ে কি কি বিচাৰিব?
এই অভিযানৰ প্রধান লক্ষ্য হৈছে সূৰ্যৰ কৰোণা অঞ্চল অৰ্থাৎ বাহিৰৰ অংশৰ পৰা আহি থকা অগ্নিশিখাক পৰ্যবেক্ষণ কৰা। কেনেকৈ চাৰ্জড পাৰ্টিকল বা তেজোদীপ্ত কণাবোৰ ওলাই থাকে সেই বিষয়ে পৰীক্ষা কৰিব যানখনে। এই তেজোদীপ্ত কণাৰ বিকিৰণৰ পৰাই সূৰ্যৰ অতীত আৰু ভৱিষ্যতে সূৰ্য একেভাৱেই থাকিবনে সেই পৰীক্ষাও কৰা হ’ব। এই অভিযানৰ পৰা কেৱল মহাকাশ গৱেষণা সংস্থাই তথ্য লাভ কৰিব তেনে নহয়। এই অভিযানে প্ৰতিজন কৌতুহলী ব্যক্তিৰ সূৰ্যক লৈ থকা কৌতুহলৰ উত্তৰ দিব। কৰোণাৰ চৰিত্ৰ বিজ্ঞানীয়ে জানিব। সূৰ্যৰ সেই অংশটো যিহেতু বিৰাট এক চৌম্বকক্ষেত্ৰ সেই অংশৰ মাজত অস্থিৰ পৰিস্থিতি কিয় সেই বিষয়ে বিজ্ঞানীয়ে পৰীক্ষা চলাব। বিজ্ঞানৰ ভাষাত এই চৌম্বকক্ষেত্ৰৰ ভিতৰৰ পৰা নিসৰিত হৈ থকা প্লাজমাক কোৱা হয় কৰোনেল মাছ ইজেকশ্ব্যন। ইয়াৰ ফলত তেজোদীপ্ত কণাৰ সোঁত সূৰ্যৰ চৌদিশে বৈ থাকে। এই কণাসমূহেই অগ্নিশিখা।

ইয়াৰোপৰি সৌৰধুমুহাৰ ওপৰতো গৱেষণা চলাব বিজ্ঞানীয়ে। সূৰ্যৰ চৌদিশে অনবৰতে ধুমুহা হৈ থাকে। এই ধুমুহাৰ বাবেই কৰোণাৰ পৰা নিৰ্গত শিখাসমূহে গ্ৰহক স্পৰ্শ কৰেহি। এই ধুুমুহাৰ ফলতেই শিখাসমূহ বহু দূৰলৈকে বিয়পি যায়। সেই সৌৰধুমুহাৰ গতিবেগ জুখিবলৈ যত্ন কৰিব ভাৰতীয় যানখনে। গতিবেগ জুখিবৰ বাবেই আদিত্য এল-১ ৰ গাত তিনিটা গতিবেগ জোখা যন্ত্ৰ স্থাপন কৰা হৈছে।

কিন্তু সৌৰধুমুহাৰ কথা জানিনো বিজ্ঞানীয়ে কি কৰিব সেই কৌতুহলো সাধাৰণ জনতাৰ মনত আছে। সৌৰধুমুহাৰ বিষয়ে সবিশেষ তথ্য যদি বিজ্ঞানীয়ে লাভ কৰে তেন্তে সৌৰধুমুহাৰ গতিবেগ কেতিয়াবা ইচ্ছানুসৰি কমাব পৰা যাব নেকি সেই বিষয়ে বিজ্ঞানীয়ে পৰীক্ষা চলাব। সৌৰধুমুহা বেছিকৈ বাঢ়িলে ইয়াৰ প্ৰভাৱ কৃত্ৰিম উপগ্ৰহৰ ওপৰত পৰে। ফলত এই কৃত্ৰিম উপগ্ৰহসমূহ বিকল হৈ পৰিব পাৰে। বৰ্তমান সময়লৈকে ভাৰতৰেই প্ৰায় ৫০ হাজাৰ কোটি টকাৰ সম্পদ মহাকাশত আছে। সৌৰধুমুহাত এই সম্পদসমূহৰ ক্ষতি হয়। যদি সৌৰধুমুহা বাঢ়ে তেন্তে মহাকাশত থকা ছেটেলাইটসমূহত প্ৰভাৱ পৰিব। যাৰফলত টেলিকম ব্যৱস্থা, পাৱাৰ গ্ৰীড ক্ষতিগ্ৰস্থ হৈ পৰিব। এই সৌৰ কণাই পৃথিৱীৰ চৌম্বকক্ষেত্ৰ ভেদ কৰি আয়নস্ফিয়েৰলৈকে এই কণা আহে। সৌৰকণাৰ ফলত উৰন্ত বিমানো ক্ষতিগ্ৰস্থ হোৱাৰ সম্ভাৱনা থাকে।

পৃথিৱীৰ পৰা ১৫ লাখ কিঃমিঃ দূৰৈত গৈ আদিত্য এল-১য়ে পৰীক্ষা চলাব। সূৰ্যৰ উষ্ণতম স্থান হৈছে কৰোনা। পৃথিৱীৰ কাষত থকা একমাত্ৰ নক্ষত্ৰ সূৰ্য। সেয়ে এল-১ পয়ে্ণ্টৰ পৰা সূৰ্যক নিৰীক্ষণ কৰিব আদিত্যই। সাধাৰণ আলোকৰশ্মি, অতি বেঙুনীয়া ৰশ্মিৰো পৰীক্ষা চলাব আদিত্য এল-১.য়ে। ১৫ লাখ কিঃমিঃ গৈ অভিযান চলোৱা সহজ কথা নহয়। শনিবাৰে ১১ বাজি ৪৭ মিনিটত এই যান উৎক্ষেপণ কৰিছে ইছৰোই। ভাৰতীয় বিজ্ঞানীৰ নিৰৱচ্ছিন্ন পৰিশ্ৰমৰেই ফচল আদিত্য এল-১। এই যানখনে প্ৰায় ৪ মাহ পাছত এল-১ পয়েণ্টত গৈ উপস্থিত হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯,  আহত ২৩ গৰাকী
বিশ্ব

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯, আহত ২৩ গৰাকী

August 23, 2026
আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!
অসম

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

August 22, 2026
সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ
বাণিজ্য

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

August 22, 2026
বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ
জীৱনশৈলী

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

August 22, 2026
Next Post
ভাৰতৰ সৈতে খেলত নমাৰ পূৰ্বে উদ্বিগ্ন পাক বলাৰ শ্বাহিন, কিয় উদ্বিগ্ন হৈছে ক্ৰিকেটাৰগৰাকী?

ভাৰতৰ সৈতে খেলত নমাৰ পূৰ্বে উদ্বিগ্ন পাক বলাৰ শ্বাহিন, কিয় উদ্বিগ্ন হৈছে ক্ৰিকেটাৰগৰাকী?

এজন মানুহক অন্যই ধ্বংস নকৰে, ধ্বংস কৰে এই ৫টা কাৰণে, গীতাত কি কৈছে শ্ৰীকৃষ্ণই?

এজন মানুহক অন্যই ধ্বংস নকৰে, ধ্বংস কৰে এই ৫টা কাৰণে, গীতাত কি কৈছে শ্ৰীকৃষ্ণই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.