অসম লাইভ ২৪ঃ কোভিড মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতৰ হাতত সংযোজিত হ’ল আন এক অস্ত্ৰ ‘স্পুটনিক ভি’। ৰাছিয়াৰ কোভিড ভেকচিন ‘স্পুটনিক ভি’ক জুৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন জনালে ‘ড্ৰাগচ্ কণ্ট্ৰ’ল জেনেৰেল অৱ ইণ্ডিয়া’ই। ভাৰতত ক’ৰোনা সংক্ৰমণৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ সময়তে ভাৰতৰ ড্ৰাগচ্ নিয়ন্ত্ৰক সংস্থাই ভাৰতৰ কাৰণে তৃতীয়টো ভেকচিনৰ অনুমোদন জনালে। জানুৱাৰীত ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ ‘কোভিশ্বিল্ড’ আৰু ভাৰত বায়’টেকৰ ‘ক’ভাক্সিন’ক অনুমোদন জনাইছিল ‘ড্ৰাগচ্ কণ্ট্ৰ’ল জেনেৰেল অৱ ইণ্ডিয়া’ই। ‘স্পুটনিক ভি’ ভাৰতত আহি পোৱাৰ পাছতেই ভাৰতে দ্ৰুতগতিত আৰম্ভ কৰিব প্ৰতিষেধক প্ৰদান অভিযান। ভাৰতত ইতিমধ্যে ১৮-৯৯ বছৰ বয়সৰ প্ৰায় ১৬০০ ব্যক্তিৰ ক্ষেত্ৰত ‘স্পুটনিক ভি’ৰ পৰীক্ষামূলক টীকাকৰণ অভিযান আৰম্ভ হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ