অসম লাইভ ২৪ঃ ভাৰতত দ্ৰুত অৱনতি ঘটিছে কোভিড পৰিস্থিতি। প্ৰতিমুহূৰ্তত দ্ৰুতগতিত বৃদ্ধি পাইছে সংক্ৰমণৰ ঘটনা। বিগত ২৪ ঘণ্টাত ভাৰতৰ আক্ৰান্তৰ সংখ্যাই ব্ৰাজিলক চেৰ পেলাই সৰ্বাধিক কোভিড সংক্ৰমিত দেশৰ দ্বিতীয় স্থানলৈ অৱনমিত ঘটিছে। বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ আক্ৰান্ত হৈছে ১,৬৮,৯১২ গৰাকী ব্যক্তি। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত বৰ্তমান কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ১৩,৫২৭,৭১৭ গৰাকীলৈ। বৰ্তমানলৈকে ভাৰতত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা ১.৩৫ কোটি আৰু ব্ৰাজিলত আক্ৰান্তৰ সংখ্যা ১.৩৪ কোটি। আনহাতে, ৩.১২কোটি আক্ৰান্তৰ সংখ্যাৰে সৰ্বাধিক আক্ৰান্তৰ দেশ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ