অসম লাইভ ২৪ঃ দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে নিযুক্তি প্ৰদান সুশীল চন্দ্ৰক। ১৩ এপ্ৰিলৰ পৰা ২৪ সংখ্যক মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে সুশীল চন্দ্ৰই। ১২ এপ্ৰিলত সুনীল আৰোৰাৰ অৱসৰৰ পাছত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে পৰৱৰ্তী মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰে সুশীল চন্দ্ৰক। ২০২২ চনৰ ১৪ মে’লৈ মুখ্য নিৰ্বাচনী আয়ুক্তৰ দায়িত্বত থাকিব সুশীল চন্দ্ৰ। তেওঁৰ কাৰ্যকালতে অনুষ্ঠিত হ’ব পঞ্জাৱ, উত্তৰাখণ্ড, মণিপুৰ, উত্তৰ প্ৰদেশ আৰু গোৱাৰ নিৰ্বাচন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ