ইণ্ডোনেছিয়া চৰকাৰে নিজৰ দেশত এপল আইফোন ১৬ ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। দেশত আইফোনৰ ব্যৱহাৰ অবৈধ বুলি ঘোষণা কৰিছে চৰকাৰে। ইণ্ডোনেছিয়াত এপলৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি পূৰণ নোহোৱাৰ বাবেই আইফোন ১৬ নিষিদ্ধ কৰিছে।
শুকুৰবাৰে জাৰি কৰা আদেশত ইণ্ডোনেছিয়া চৰকাৰে কয় যে, আন্তঃৰাষ্ট্ৰীয় ম’বাইল ইকুইপমেণ্ট আইডেন্টিটি (আইএমইআই) প্ৰমাণপত্ৰ নথকা যিকোনো ফোন ডিভাইচ ব্যৱহাৰ কৰাটো অবৈধ। তেওঁ কয় যে, চৰকাৰে এনে ফোন দেশত ব্যৱহাৰ কৰিবলৈ নিদিয়ে৷ ই নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে। চৰকাৰে স্পষ্টকৈ উল্লেখ কৰিছে যে কোম্পানীটোক বিক্ৰীৰ অনুমতি প্ৰদান কৰাৰ পূৰ্বে দেশত বাকী থকা বিনিয়োগ আৰু টিকেডিএন প্ৰমাণপত্ৰ তেওঁলোকে দাখিল কৰিব লাগিব৷
https://x.com/Ajay_Bagga/status/1849837415365800296
বহিঃদেশৰ পৰাও তাৰ নাগৰিকে ক্ৰয় কৰিব নোৱাৰিব আইফোন-১৬
ইণ্ডোনেছিয়া চৰকাৰে দেশত এপল আইফোন ১৬ৰ বিক্ৰী আৰু পৰিচালনা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। ইণ্ডোনেছিয়াৰ উদ্যোগ মন্ত্ৰী অগুছ গুমিৱাং কাৰ্তাছমিতাই কয় যে ,ইণ্ডোনেছিয়াত আইফোন ১৬ ব্যৱহাৰ কৰাটো অবৈধ আৰু ইণ্ডোনেছিয়াৰ কোনো লোকে আন দেশৰ পৰা কিনি আনিও ব্যৱহাৰ কৰিব নোৱাৰিব৷ যদি কোনোবাই বহিঃৰাজ্যৰ পৰা এই ফোন ক্ৰয় কৰে তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
এপলে বিনিয়োগ হ্ৰাস কৰিছে ইণ্ডোনেছিয়াত
ইণ্ডোনেছিয়াৰ উদ্যোগ মন্ত্ৰীয়ে কয় যে যদি কোনোবাই আইফোন ১৬ ব্যৱহাৰ কৰে তেন্তে লগে লগেই আৰক্ষীক খবৰ দিয়ক৷ এপলে ইণ্ডোনেছিয়াত ১.৭১ ট্ৰিলিয়ন টকা বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও এপলে মাত্ৰ ১.৪৮ ট্ৰিলিয়ন টকা বিনিয়োগ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ