অসম লাইভ২৪ঃ ইনলেণ্ড টাইপান। বিশ্বৰ সকলোতকৈ বিষধৰ সাপ। মূলত অষ্ট্ৰেলিয়াত এইবিধ সাপ দেখা যায়। এই সাপে এটা খোটত প্ৰায় ১০০ জন লোকৰ মৃত্যু হ’ব পাৰে। বিজ্ঞানীয়ে চলোৱা গৱেষণা অনুযায়ী, পৃথিৱীৰ ৬০০ টা বিষাক্ত সাপৰ প্ৰজাতিৰ মাজত কেৱল ২০০ প্ৰজাতিৰ সাপে খুটিলে এজন মানুহৰ মৃত্যু থিতাতেই মৃত্যু হ’ব পাৰে। সৰ্প বিশেষজ্ঞৰ মতে বিষধৰ প্ৰজাতিৰ সাপৰ তালিকীত শীৰ্ষত আছে ইনলেণ্ড টাইপান। এই সাপৰ পৰা সাধাৰণতে আঁতৰি থকাটো প্ৰয়োজন। অষ্ট্ৰেলিয়ান মিউজিয়াম ৱেবচাইটৰ মতে, ইনলেণ্ড টাইপান এবিধ হিংস্ৰ সাপ। এই সাপৰ মূৰটো সাধাৰণতে আয়তাকাৰ। এই সাপ আটাইতকৈ সক্ৰিয়। দিনৰ ভাগত ই সাধাৰণতে নোলায়। মাটিত গাঁত কৰি সোমাই থাকে। নিশাৰ ভাগতহে এই সাপ ওলাই আহে।
এই সাপে এবাৰত ১১০ মিলিগ্ৰাম বিষ বাহিৰ কৰিব পাৰে। ইনলেণ্ড টাইপানৰ ১১০ মিলিগ্ৰাম বিষৰ এটা কামোৰে যিমান পৰিমানৰ বিষ থাকে সেই বিষত ১০০ জন মানুহৰ মৃত্যু ঘটিব পাৰে। অষ্ট্ৰেলিয়াৰ বাহিৰত এই সাপ সাধাৰণতে খুব কমেই দেখা যায়। এডাল টাইপানৰ মুঠ দৈৰ্ঘ্য প্ৰায় ১.৮ মিটাৰ অৰ্থাৎ ৫.৯ ফুট। এই সাপৰ এটা বিষ দাঁত ৩.৫ৰ পৰা ৬.২ মিলি মিটাৰলৈ দীঘল হয়। টাইপানৰ গাৰ ৰং সাধাৰণতে বাদামী নতুবা পাতল হালধীয়া হয়। চকুৰ ৰঙো গাঢ় বাদামী। টাইপানে একেলগে এড ডজনৰ পৰা ২ ডজন কণী পাৰিব পাৰে। দুমাহৰ পাছতেই এই কণীৰ পৰা পোৱালীৰ জন্ম হয়। প্ৰজননৰ হাৰো খাদ্যৰ ওপৰত নিৰ্ভৰ কৰে। পৰ্যাপ্ত খাদ্য নাপালে এই সাপৰ প্ৰজনন কম হয়। এই সাপবিধ সাধাৰণতে ১০ ৰ পৰা ১৫ বছৰ জীয়াই থাকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ