অসম লাইভ২৪ঃ কিছু দিন পাছতেই বিয়া। বাগদানপৰ্ব হৈ গৈছে সাংসদ ৰাঘৱ চাড্ডা আৰু অভিনেত্ৰী পৰিণীতি চোপ্ৰাৰ। বাগদানৰ পাছৰে পৰাই দুয়োৱে বিভিন্ন ঠাইলৈ একেলগে যোৱৰ ফটো সামাজিক মাধ্যমত ভাইৰেলো হৈছে। বৰ্তমান দুয়ো ছুটি কটাবলৈ লণ্ডনলৈ গৈছে। লণ্ডনলৈ যোৱাৰ ফটো পোহৰলৈ আহিছে দুয়োৰে। টেষ্ট বিশ্বকাপৰ ফাইনেলত দুয়োকে একেলগে দেখা গৈছে। লণ্ডনৰ ওভালত চলিছে ভাৰত-অষ্ট্ৰেলিয়াৰ টেষ্ট বিশ্বকাপ ফাইনেলত। ভাৰতীয় দলৰ খেল চাবলৈকে লণ্ডনত উপস্থিত হৈছে পৰীণিতি আৰু ৰাঘৱ। বগা হালধীয়া পোছাকত পৰীণিতিক দেখা গৈছে গেলাৰীত।
ৰাঘৱ পৰিণীতি এইবাৰেই প্ৰথম ক্ৰিকেট মেচত উপস্থিত হোৱা নাই। আইপিএলৰ ফাইনেলটো চেন্নাই চুুপাৰ কিংছ আৰু গুজৰাট টাইটানছৰ খেল চাবলৈ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত উপস্থিত হৈছিল আম আদমী পাৰ্টীৰ সাংসদ ৰাঘৱ চাড্ডাই। মোহালিত পঞ্জাৱ কিংছৰ খেল চাবলৈকো উপস্থিত হৈছিল ৰাঘৱ পৰিণীতি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ