অসম লাইভ ২৪ঃ দেশজুৰি ক’ৰোনা সংক্ৰমণে সৃষ্টি কৰা স্থৱিৰতাৰ মাজতে ক্ৰীড়াপ্ৰেমীৰ বাবে আহিছে ভাল খবৰ। সকলো দুৰ্যোগ-দুৰ্ভাবনা একাষৰীয়া কৰি আয়োজন চলিছে ‘ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ’ৰ। ২৬ ছেপ্টেম্বৰৰ পৰা ৮ নৱেম্বৰৰ ভিতৰত IPL অনুষ্ঠিত কৰাৰ পৰিকল্পনা হৈছে। অৱশ্যে BCCI-এ এইপৰ্যন্ত কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। উল্লেখ্য, এইবাৰ দৰ্শকহীন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব IPL। ৮ নৱেম্বৰত IPL সমাপ্ত হ’লে ১০ নৱেম্বৰত অষ্ট্ৰেলিয়ালৈ ৰাওনা হ’ব টীম ইণ্ডিয়া।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ