অসম লাইভ ২৪ঃ ক’ৰোনা মহামাৰীৰ ভয়াৱহতাৰ মাজতে আজিৰে পৰা আৰম্ভ হ’ব বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় ক্ৰিকেট লীগ IPL। ৯ এপ্ৰিলৰ উদ্বোধনী মেছখন অনুষ্ঠিত হ’ব ৫ বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানচ আৰু ৰয়েল চেলেঞ্জাৰচ্ বাংগালোৰুৰ মাজত। বিগত কিছুদিনত ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগতে কেইবাগৰাকীও ক্ৰিকেটাৰ ক’ৰোনাত আক্ৰান্ত হোৱাত স্বাভাৱিকতেই IPL সন্দৰ্ভত বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে। কিন্তু ১৪ সংখ্যক IPL কোভিড মহামাৰীৰ মাজত আয়োজন কৰা দ্বিতীয়টো টুৰ্ণামেণ্ট । বিগত বৰ্ষৰ দৰে এইবাৰো কোনো অসুবিধা নোহোৱাকৈ IPLৰ সফল সামৰণি হ’ব বুলি আশাবাদী BCCI কৰ্তৃপক্ষ। ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে খেলপথাৰত দৰ্শকৰ উপস্থিতিৰ অনুমতি প্ৰদান কৰা নাই BCCI কৰ্তৃপক্ষই। লগতে খেলুৱৈ আৰু ষ্টাফৰ বাবে ‘বায়’ বাবল’ পদ্ধতিৰে কঠোৰ কোভিড প্ৰট’কলৰ মাজেৰে অনুষ্ঠিত কৰিব IPL। ৫০ দিন ধৰি অনুষ্ঠিত হ’বলগীয়া এই টুৰ্ণামেণ্টত প্ৰায় ১০ হাজাৰ কোভিড টেষ্ট হ’ব বুলিও উল্লেখ কৰে কৰ্তৃপক্ষই। লীগৰ প্ৰথম ইনিংছৰ ২০খন মেছ অনুষ্ঠিত হ’ব চেন্নাই আৰু মুম্বাইত। দ্বিতীয় ইনিংছৰ ১৬খন মেছ দিল্লী আৰু আহমেদাবাদত অনুষ্ঠিত হোৱাৰ লগতে অন্তিম ২০খন মেছ বাংগালুৰু আৰু কলকাতাত অনুষ্ঠিত হ’ব। প্লে অফ মেছ অনুষ্ঠিত হ’ব আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত।
8 teams, 8 cities, 8 languages! #IndiaKiVibeAlagHai
A celebration of our fans and an incredibly exciting #VIVOIPL starts 9th April on Disney+ Hotstar VIP@Vivo_India @DisneyPlusHS pic.twitter.com/HmLREnTv74
— IndianPremierLeague (@IPL) April 8, 2021
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















