‘তুমি নহ’লে মই শূন্য৷’ গৌতম গম্ভীৰক মাত্ৰ এটা কথাই বিপদত পেলাইছে৷ আশাকৰামতেই গৌতমৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাত আইপিএলৰ ট্ৰফী তুলি ল’লে কেকেআৰে৷ গম্ভীৰে ২২ গজত নানামিলেও দলটোৰ নিউক্লিয়াছ হৈ কাম কৰিছিল সমগ্ৰ চিজনত৷ ফাইনেলত কেকেআৰ চেম্পিয়ন হওঁতেই সকলোৰে মুখত এতিয়া গম্ভীৰৰ চৰ্চা৷ গুৰু গম্ভীৰৰ জয়ধ্বনি শুনা গ’ল খেলুৱৈৰ মুখতো৷
এই চিজনত কোচ হিচাপে থকা গৌতম পৰবৰ্তী চিজনত থাকিবনে সেই বিষয়টোক লৈ এতিয়াই আৰম্ভ হ’ল চৰ্চা৷ ইফালে পৰবৰ্তী হেড কোচ বাচনিত বিচিচিআইৰ পছন্দৰ তালিকাত শীৰ্ষত আছে গম্ভীৱ৷ দ্ৰাবিড়ৰ পাছতেই গম্ভীৰ ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ হেড কোচ হোৱাটো পাক্কা বুলি বহুতেই দাবীও কৰে৷ এই সময়তেই আকৌ শ্বাহৰুখেও এৰি দিব খোজা নাই গম্ভীৰক৷ গম্ভীৰে এতিয়া বিচিচিআইৰ হাতত ধৰিব নে শ্বাহৰুখৰ সৈতেই থাকি সেই বিষয়টোক লৈ ধৰ্ম সংকটত পৰিছে গম্ভীৰ৷
টীম ইণ্ডিয়াৰ কোচ হ’লে নিয়ম মানি গম্ভীৰে আইপিএলৰ সৈতে সমস্ত সম্পৰ্ক ছিন্ন কৰিব লাগিব৷ ইয়াৰোপৰি এৰিব লাগিব কেকেআৰ শিবিৰো৷ ২৭ মে অৰ্থাৎ এইদিনটোত সোমবাৰেই অৰ্থাৎ আজিয়েই ই-বৰ্ডৰ দফতৰ হেড কোচৰ পদৰ বাবে আৱেদন কৰাৰ শেষ দিন৷ সেয়ে আইপিএলৰ ফাইনেলৰ দিনটোতেই গম্ভীৰৰ সৈতে বৰ্ডৰ অধিকাৰীসকল বিশেষ আলোচনাতো বহাৰ খবৰ ইতিমধ্যে নেটদুনীয়াত ভাইৰেল হৈ পৰিছে৷
গম্ভীৰ নিজেও টীম ইণ্ডিয়াৰ কোচ হোৱাত আগ্ৰহী৷ কিন্তু কেকেআৰৰ মালিক শ্বাহৰুখেও এৰি দিব খোজা নাই গম্ভীৰক৷ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিগত বৰ্ষত কেকেআৰৰ শোচনীয় পৰাজয়ৰ পাছতেই শ্বাহৰুখে গম্ভীৰৰ সৈতে সাক্ষাৎ কৰিছিল৷ তেওঁক আগন্তুক ১০ বছৰৰ বাবে কেকেআৰৰ টীম মেনেজমেণ্টৰ দায়িত্ব দিয়া হৈছে৷ শ্বাহৰুখে আনকি গম্ভীৰত ধনো মন খুলি দিছে৷ গম্ভীৰৰ হাতত শ্বাহৰুখে তুলি দিছে ব্লেংক ছেক৷ কিমান এমাউণ্ট লাগে লিখাৰ দায়িত্ব গম্ভীৰৰ৷
ইয়াৰ পূৰ্বে গম্ভীৰে কেকেআৰক দুবাৰ আইপিএল চেম্পিয়ন কৰাইছিল৷ তাৰপাছতেই কেকেআৰৰ পাৰ্ফৰমেন্স লাহে লাহে বেয়া হয়৷ সেয়ে গম্ভীৰৰ প্ৰত্যাবৰ্তন পুনৰ বিচাৰিছিল নাইট ৰাইডাৰ্ছ শিবিৰে৷ মাত্ৰ তিনিখন মেচত এইবাৰ হাৰিছে কেকেআৰে৷ অপ্ৰতিৰোধ্যভাৱে আগবঢ়া কেকেআৰৰ আঁৰত আছে গম্ভীৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















