এইবাৰ আই পি এল বিজেতাই পাব কিমান ধন, পাৰজিত দলে পাব কিমান, কি সমীকৰণ
বৰ্তমানে ভাৰতৰ ক্ৰিকেট জগতত উত্তেজনা তুংগত। আজি অনুষ্ঠিত হ’ব প্ৰথনখন কোৱালিফায়াৰ মেচ। আজি ফাইনেলত প্ৰৱেশৰ বাবে মুখামুখি হব পাঞ্জাৱ আৰু বাংগালুৰু দল।
৭০খন ৰোমাঞ্চকৰ মেচৰ অন্তত শীৰ্ষ ৪ দলে এতিয়া প্লে অফত মুখামুখি হ’ব। প্ৰথমখন কোৱালিফায়াৰ মেচত পঞ্জাব আৰু আৰচিবিৰ মাজত অনুষ্ঠিত হ’ব। আনহাতে, এলিমিনেটৰ মেচত মুম্বাই বিৰুদ্ধে গুজৰাটে খেলিব।
আজিৰ প্ৰথম কোৱালিফায়াৰত জয়ী হোৱা দলটোৱে ফাইনেলত প্ৰত্যক্ষ প্ৰৱেশ লাভ কৰাৰ বিপৰীতে এলিমিনেটৰ মেচত জয়ী হোৱা দলটোৱে দ্বিতীয় কোৱালিফায়াৰত প্ৰৱেশ কৰিব।
প্ৰথম কোৱালিফায়াৰত পৰাস্ত হোৱা দলটোৱে দ্বিতীয় কোৱালিফায়াৰত এলিমিনেটৰত জয়ী হোৱা দলটোৰ মুখামুখি হ’ব। দ্বিতীয় কোৱালিফায়াৰত জয়ী হোৱা দলটোৱে শেষত জুনৰ ৩ তাৰিখে অনুষ্ঠিত হ’ব লগা ফাইনেলত প্ৰৱেশ কৰিব।
পাছে বিজয়ী দলে পাব কিমান টকা! সেই সন্দৰ্ভত এতিয়ালৈক কোনো সঠিত তথ্য প্ৰকাশ পোৱা নাই। কিন্তু পূৰ্বৰ চিজনলৈ চালে অনুমান কৰিব পাৰি যে, আই পি এল ২০২৫ খিতাপ দখল কৰা দলটোৱে লাভ কৰিব পাৰে ২০ কোটি টকাৰ পুৰস্কাৰ ধন।
একে সময়তে খিতাপ মেচত পৰাস্ত হোৱা দলটো তথা প্ৰথম ৰানাৰ্ছআপে ১৩ কোটি টকাৰ পুৰস্কাৰ ধন লাভ কৰিব পাৰে। ইয়াৰ বাহিৰে দ্বিতীয় ৰানাৰআপ দলে ৭ কোটি আৰু তৃতীয় ৰানাৰআপে ৬.৫ কোটি টকা লাভ কৰাৰ সম্ভৱনা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ