অতি সোনকালেই নতুন আলহীৰ আগমণ হ’ব ৰাহুল-আথিয়াৰ ঘৰত! আই পি এ এৰি ঘৰলৈ যাত্ৰা
অতি শীঘ্ৰেই শুনিবলৈ পাব কে এল ৰাহুল আৰু আথিয়াৰ ঘৰত নতুন কনমানি আলহীৰ আগমণৰ খবৰ। কাৰণ আই পি এলৰ প্ৰথম খন খেলৰ পৰাই ব্যক্তিগত কাৰণত আঁতৰি আছে ৰাহুল। আনকি খবৰ আহিছে হঠাতে ঘৰলৈ উভতি আহিছে ৰাহুল।
বৰ্তমানে দিল্লী কেপিটেলছ আৰু লক্ষ্নৌ ছুপাৰ জায়েন্টৰ মাজত খেল চলি আছে। কিন্তু দিল্লী দলৰ সুদক্ষ বেটছমেন কে এল ৰাহুল অনুপস্থিত। যাৰ বাবে কিছু সমস্যাত দিল্লী দল।
কিন্তু পত্নীৰ তেনে এক অৱস্থাত স্বামী দূৰত থাকে কেনেকৈ। যাৰ বাবে দেওবাৰেই পত্নীৰ কাষ পাইগৈ ৰাহুল। বিগত বৰ্ষৰ ৮ নবেম্বৰত আথিয়া-ৰাহুলে সদৰি কৰিছিল নতুন আলহীৰ আগমণ হব লগা খবৰ। এতিয়া যি কোনো মুহুৰ্তত আহিব পাৰে সেই সুখবৰ।
উল্লেখ্য যে, চলিত চিজনৰ বাবে দিল্লী কেপিটেলছ দলে ১২ কোটি টকাত ক্ৰয় কৰিছিল কে এল ৰাহুলক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ