প্ৰতিবছৰেই আই পি এল দুমাহ চলে৷ ভাৰতৰ বিভিন্ন স্থানত থকা ষ্টেডিয়ামসমূহত ভিৰ কৰে ক্ৰিকেটপ্ৰেমীসকলে৷ বিৰাট কোহলি, শুভমন গিল, ৰোহিত শৰ্মা বা ৰিংকু সিঙৰ দৰে তাৰকা খেলুৱৈৰ খেল চাবলৈ ৰৈ থাকে বহু ক্ৰিকেটপ্ৰেমী৷ পূৰ্বৰ খেলসমূহতকৈ এইবাৰৰ আই পি এল চাবৰ বাবে ক্ৰিকেটপ্ৰেমীয়ে বেছিকৈ ধন খৰচ কৰিব লাগিব৷ বুধবাৰৰ জি এছ টিৰ নতুন কাঠামো ঘোষিত হৈছে তাতেই আই পি এলৰ টিকটৰ দাম বাঢ়িছে৷ পূৰ্বে আই পি এলৰ টিকট ক্ৰয় কৰিবলৈ গলে ২৮শতাংশ জি এছ টি দিব লাগিছিল৷ এইবাৰৰ পৰা ৪০ শতাংশ জি এছ টি দিব লাগিব৷ অৰ্থাৎ জি এছ টি কাঠামোৰ সৰ্বোচ্চ ঢাপ ৰখা হৈছে আই পি এলৰ টিকটত৷ কাৰণ কেন্দ্ৰীয় চৰকাৰে আই পিএলৰ মেচক ব্যয়বহুল বিনোদন হিচাপেই চাইছে৷ সেয়ে বেছিকৈ কৰ দিব লগা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















