অসম লাইভ ২৪ঃ চলিত বৰ্ষৰ ৯ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব IPL। মাজত মাত্ৰ এসপ্তাহ বাকী। তেনে সময়তে ক’ৰোনাত আক্ৰান্ত হৈছে ইজনৰ পিছত সিজন ক্ৰিকেটাৰ। মুম্বাইত ক’ৰোনা সংক্ৰমণৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে। অক্ষৰ পেটেলৰ পাছত এইবাৰ ক’ভিডত আক্ৰান্ত হৈছে ৰয়েল চেলেঞ্জাৰ্চ বাংগালুৰুৰ দেৱদত্ত পাডিক্কাল। RCB ৰ স্কোৱাডৰ পৰা পৃথকে ৰখা হৈছে ২০ বছৰীয়া ক্ৰিকেটাৰগৰাকীক। RCB টীম বৰ্তমান চেন্নাইত আছে। ৯ এপ্ৰিলত উদ্বোধনী মেছত মুম্বাই ইণ্ডিয়ানচৰ বিৰুদ্ধে খেলিব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ টীমে। খেলুৱৈগৰাকী ক’ৰোনাত আক্ৰান্ত হোৱাৰ খবৰে এতিয়া চিন্তিত কৰি তুলিছে RCB টীমক। আইচ’লেচনত ৰখা হৈছে ক্ৰিকেটাৰগৰাকীক। শনিবাৰে দিল্লী কেপিটেলছৰ অলৰাউণ্ডাৰ অক্ষৰ পেটেল আক্ৰান্ত হৈছিল কোভিডত। ইয়াৰ পূৰ্বে ক’ৰোনাত আক্ৰান্ত হৈছিল KKRৰ খেলুৱৈ নীতিশ ৰাণা । সম্প্ৰতি ক’ৰোনামুক্ত হৈ টীমৰ সৈতে আছে ক্ৰিকেটাৰগৰাকী।
মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামৰ ১০জন কৰ্মচাৰী ক’ৰোনাত আক্ৰান্ত হৈছে। BCCIৰ দ্বাৰা নিযুক্ত প্ৰতিযোগিতা ব্যৱস্থাপনাৰ ৬ জন কৰ্মচাৰীও আক্ৰান্ত হৈছে ক’ৰোনাত। IPL ৰ পূৰ্বে কোভিড আক্ৰান্তৰ বৰ্ধিত সংখ্যাই উদ্বিগ্ন কৰি তুলিছে খেলুৱৈসকলক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ