অসম লাইভ ২৪ঃ সংযুক্ত আৰৱ এমিৰেটচত অনুষ্ঠিত হ’ব IPLৰ স্থগিত হোৱা ৩১ খন মেচ। ১৮ চেপ্তেম্বৰৰ পৰা ১০ অক্টোবৰৰ ভিতৰত পুনৰ IPL অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে bcciয়ে। শনিবাৰে মুম্বাইত অনুষ্ঠিত হোৱা ব’ৰ্ডৰ বিশেষ সভাত গ্ৰহণ কৰে এই সিদ্ধান্ত। অৱশ্যে এইবাৰ ক’ৰোনাৰ বাবে নহয়, বাৰিষা বতৰৰ বাবেহে আৰৱ এমিৰেটচত খেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে ব’ৰ্ডে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে সংযুক্ত আৰৱ এমিৰেটচত ভিভো ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২১ ছিজনৰ মেচসমূহ সম্পূৰ্ণ কৰাৰ কথা ঘোষণা কৰে। সদস্যসকলৰ সৰ্বসন্মতিক্ৰমে IPLৰ চতুৰ্দশ সংস্কৰণ বাকী থকা মেচ পুনৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণৰ কথা এক বিবৃতিযোগে প্ৰকাশ কৰে bcciয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















