অসম লাইভ ২৪ঃ পৃথিৱীত এনেকুৱা কিছুমান মানুহ আছে, যিসকলক উদাহৰণ হিচাপে লৈ অন্য বহু লোকে জীৱন আলোকিত কৰে। তেনে ব্যক্তিত্বৰ এগৰাকী মহিলা হৈছে IPS বিষয়া এন অম্বিকা। যাৰ প্ৰত্যাহ্বানপূর্ণ জীৱন কাহিনীয়ে প্ৰেৰণা দিয়ে যুৱপ্ৰজন্মক। IPS অম্বিকা মুম্বাইত ‘লেডী সিংঘম’ হিচাপে পৰিচিত। কিন্তু ২০০৮ চনৰ পূর্বে এই সকলোবোৰ সপোন আছিল। ১৪ বছৰ বয়সত বিয়া হৈ ১৮ বছৰ বয়সলৈকে ২টাকৈ সন্তানৰ মাতৃ হৈছিল অম্বিকা। অম্বিকাৰ স্বামী এগৰাকী আৰক্ষী কনিষ্টবল আছিল আৰু স্বামীৰ সৈতে এবাৰ গণতন্ত্ৰ দিৱসৰ পেৰেড চাবলৈ গৈছিল অম্বিকা। তাত স্বামীয়ে উচ্চ পদস্থ বিষয়াক চেল্যুট মৰা দেখি পত্নীয়ে সোধে এনেকুৱা কিয় কৰিব লাগে? স্বামীয়ে তেওঁক জনায় যে তেওঁলোক IPS বিষয়া আৰু IPS হ’বলৈ চিভিল ছার্ভিচ পৰীক্ষা দি পাছ কৰিব আহিব লাগে। আৰু তেতিয়াই অম্বিকাই পৰীক্ষাত বহাৰ ইচ্ছা প্ৰকাশ কৰিছিল। কিন্তু অম্বিকাই ইতিমধ্যে স্কুল এৰি পৰিয়াল চম্ভলাত লাগিছিল। কিন্তু তেওঁ পৰীক্ষাত বহাৰ সংকল্প লয়। সেই কাৰণে অম্বিকাই এটা ব্যক্তিগত কোচিঙৰ পৰা দশম পৰীক্ষাত অৱতীর্ণ হয় তাৰ পিছত দূৰ শিক্ষাৰ জৰিয়তে স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত ঘৰৰ ওচৰত কোনো কোচিং চেণ্টাৰ নথকাত চেন্নাইত থাকি চিভিল ছার্ভিচ পৰীক্ষাৰ প্ৰস্তুতি কৰিবলৈ লয়। এইক্ষেত্ৰত তেওঁক স্বামীয়ে সম্পূর্ণ সহযোগ কৰে। কিয়নো পত্নীয়ে চেন্নাইত থকা সময়ছোৱাত স্বামীয়ে চাকৰিৰ লগতে নিজৰ দুই সন্তানক চম্ভালিব লগা হয়। কিন্তু অম্বিকাৰ বাবে এই সকলোবোৰ ইমান সহজ নাছিল। ইমানখিনি কষ্ট কৰিও অম্বিকাই তিনিবাৰকৈ পৰীক্ষাত সফল হ’ব নোৱাৰি হতাশ হৈ পৰে। কিন্তু ‘বিফলতাই সফলতাৰ ছাবি-কাঠি’ কথাষাৰ সৰগোত কৰি অম্বিকাই পুনৰ এবাৰ পৰীক্ষাত অৱতীর্ণ হয়। এইবাৰ অম্বিকাই সফলতা লাভ কৰে আৰু ২০০৮ চনত চিভিল ছার্ভিচ পৰীক্ষাত উত্তীর্ণ হৈ IPS বিষয়া হয়। ট্ৰেইনিং সম্পূর্ণ কৰাৰ পিছত অম্বিকাৰ প্ৰথম পোষ্টিং মহাৰাষ্ট্ৰত হয়। বর্তমান অম্বিকা মুম্বাইৰ জ’ন-৪ৰ ডিচিপি। বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে সফলতাৰ মুখ দেখা অম্বিকা আজি মুম্বাইৰ ‘লেডী সিংঘম’ হিচাপে সকলোৰে পৰিচিত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ