অসম লাইভ২৪ঃ উত্তৰ প্ৰদেশ সৰ্বাধিক এনকাউণ্টাৰ হোৱা ৰাজ্য হৈছে উত্তৰ প্ৰদেশ। তাৰেই এগৰাকী অফিচাৰেই কৰিছে ১৫০ টাতকৈ অধিক এনকাউণ্টাৰ। দুষ্কৃতিকাৰীৰ দমনৰ বাবে এই কঠোৰ পদক্ষেপ উত্তৰপ্ৰদেশৰ আইপিএছ বিষয়াগৰাকীৰ। তেওঁক দেখিলেই এতিয়া বুকু কঁপে অপৰাধীৰ। অপৰাধী বাদেই দেশৰ আৰক্ষীয়েও অন্য দৃষ্টিৰে চায় এইগৰাকী বিষয়াক। আইপিএছ অমিতাভ যশ এতিয়া এনকাউণ্টাৰৰ বাবেই দেশৰ পৰিচিত আৰক্ষী বিষয়া। যেতিয়াৰে পৰাই উত্তৰপ্ৰদেশত এনকাউণ্টাৰৰ ট্ৰেণ্ড গঢ়ি উঠিছে তেতিয়াৰে পৰাই আৰক্ষী বিষয়া অমিতাভ যশ চৰ্চিত নাম হৈ পৰিছে।
বিগত কেইমাহমান পূৰ্বে ভাইৰেল হোৱা উমেশ পাল হত্যাকাণ্ডত জড়িত ৭দুষ্কৃতিকাৰীৰ ভিতৰত এজনক এনকাউণ্টাৰ কৰিছিল অমিতাভেই। বিগত ২৪ ফেব্ৰুৱাৰীত ঘৰৰ কাষতেই গুলী কৰি হত্যা কৰা হৈছিল সমাজবাদী পাৰ্টীৰ বিধায়ক ৰাজু পালৰ হত্যাৰ একমাত্ৰ সাক্ষী উমেশক। এই হত্যাকাণ্ডত জড়িত এগৰাকী দুষ্কৃতিকাৰীক এনকাউণ্টাৰ কৰিছে এইগৰাকী আৰক্ষী বিষয়াই।
উত্তৰপ্ৰদেশ আৰক্ষীৰ স্পেছিয়েল টাস্ক ফৰ্ছ বা এছটিএফৰ এডিজি পদত কৰ্মৰতক হৈ আছে অমিতাভ। উমেশ পাল হত্যাকাৰীক শাস্তি দিয়েই সংবাদ শিৰোনামলৈ আহিছিল অমিতাভ। সৰুৰে পৰাই অমিতাভৰ সৈতে খাকী পোছাকৰ খুবেই নিবিড় সম্পৰ্ক। কিয়নো তেওঁৰ পিতৃ ৰাম যশো আৰক্ষী বিভাগতেই কৰ্মৰত আছিল। বিহাৰৰ ভোজপুৰ জিলাত জন্মগ্ৰহণ কৰিছিল অমিতাভে। পাটনাতেই পঢ়াশুনা কৰিছিল অমিতাভে। পাছলৈ দিল্লীৰ ষ্টিফেন্স কলেজৰ পৰা স্নাতক পাছ কৰে অমিতাভে। কলেজৰ পঢ়া শেষ কৰিয়েই অমিতাভৰ ঠিকনা হৈ পৰে আইআইটি কানপুৰ।
আইআইটি কানপুৰৰ পৰা ৰাসায়ন বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লয় অমিতাভ যশে। ১৯৯৬ চনত আইপিএছ পাছ কৰে অমিতাভে। উত্তৰপ্ৰদেশৰ আইপিএছ অফিচাৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰে অমিতাভে। আৰক্ষী মানেই দুষ্টক দমন। পিতৃৰ পৰাই এই শিক্ষা লাভ কৰি আহিছে অমিতাভে। অমিতাভ যশে দায়িত্বভাৰ লোৱাৰ পাছতেই উত্তৰপ্ৰদেশত দুষ্কৃতিকাৰীৰ দৌৰাত্ম কমিবলৈ ধৰিছে।
একাধিক এনকাউণ্টাৰৰ সৈতে তেওঁৰ নাম জড়িত হৈ পৰিছে। তাৰমাজতেই অন্যতম এটা এনকাউণ্টাৰ হৈছে বিকাশ ডুবেৰ এনকাউণ্টাৰ। আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত উত্তৰপ্ৰদেশৰ কুখ্যাত দুষ্কৃতিকাৰী বিকাশৰ মৃত্যু হৈছিল। এই ঘটনাক লৈ উত্তৰপ্ৰদেশ আৰক্ষী বিতৰ্কতো সোমাই পৰিছিল। বিভিন্ন সংবাদমাধ্যমে দাবী কৰা অনুসৰি ১৫০টাতকৈয়ো অধিক এনকাউণ্টাৰ কৰিছে অফিচাৰ অমিতাভে। ১৫০টাৰো অধিক এনকাউণ্টাৰ কৰিছে আইপিএছ অমিতাভে। ২০১৭ চনত যোগী ক্ষমতাত অহাৰ পাছতেই কুখ্যাত অপৰাধীৰ উদ্দেশ্যে, ‘ঠৌক দুঙ্গা’ নীতি অনা হৈছে উত্তৰপ্ৰদেশত। চিএমে এই নীতি লোৱাৰ পাছতেই এটাৰ পাছত আনটো এনকাউণ্টাৰ চলিছে উত্তৰপ্ৰদেশত। নিহত হৈছে কেইবাশতাধিক অপৰাধী। কিন্তু বাৰে বাৰে প্ৰশ্ন উত্থাপন হৈছে এই এনকাউণ্টাৰ সঠিক নে?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















