অসম লাইভ ২৪ঃ জৰিমনা ভৰি পাইছে চাগৈ আপুনি। হয়তো কেতিয়াও জৰিমনা ভৰিব লগা হোৱা নাই। কিন্তু কেতিয়াবা আপুনি শুনিছিল নে, কাৰোবাৰ নাম ভুলকৈ উচ্চাৰণ কৰাৰ বাবেও যে জৰিমনা ভৰিব লাগিব। ঠিকেই শুনিছে আপুনি। এতিয়াৰে পৰা বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খানৰ জীয়ৰীৰ নাম ভুলকৈ উচ্চাৰণ কৰিলে আপুনি ভৰিব লাগিব জৰিমনা। এটা ইনষ্টাগ্ৰাম পোষ্টে এতিয়া আচম্বিত কৰি তুলিছে সকলোকে। ইনষ্টাগ্ৰামত পোষ্ট দিছে আমীৰ তনয়াই। বলীউডৰ অভিনেতা আমীৰ খানৰ জীয়ৰীৰ নাম ‘আইৰা’। কিন্তু ‘আইৰা’ক সকলোৱে মাতে ‘ইৰা’ বুলি। এই কথাতেই খৰ্গহস্ত আইৰাই ইনষ্টাগ্ৰামত পোষ্টযোগে দিলে সকিয়নী। আইৰাই কয় যে যদি কোনো ব্যক্তি অথবা সংবাদ মাধ্যমতো আইৰাৰ নাম ভুলকৈ উচ্চাৰণ কৰে তেতিয়া ৫০০০ টকাৰ জৰিমনা ভৰিব লাগিব। এই ৰায় প্ৰদান কৰিছে আইৰাৰ স্বয়ংসৃষ্ট আদালতে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ