• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

4 months ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

8 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

8 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

9 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

9 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

9 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

10 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

10 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

11 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

12 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

13 hours ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

14 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

মধ্য-প্ৰাচ্যত পুনৰ ধ্বং*সলীলাৰ আৰম্ভণি!

editor by editor
June 10, 2026
in প্ৰযুক্তি, বিবিধ, বিশ্ব, ৰাজনীতি, লেখা
0
পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’
0
SHARES
429
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
পুনৰ অশান্ত হৈ পৰিছে মধ্যপ্ৰাচ্যৰ আকাশ-বতাহ। সাময়িক যুদ্ধ বিৰতিৰ পিছত পুনৰ ধ্বং*সলীলাৰ পৰিৱেশৰ মাজলৈ ঘূৰি গৈছে ইৰান-ইজৰাইল আমেৰিকাসহ আৰৱৰ কেইবাখনো দেশ। আমেৰিকাৰ এয়াৰষ্ট্ৰাইক আৰু ইৰানৰ প্ৰত্যাক্ৰমণৰ মাজতে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু থকাৰ হুংকাৰ দিছে ইৰানক। ইৰান-আমেৰিকাৰ আক্ৰমণ-প্ৰত্যাক্ৰমণে সমগ্ৰ অঞ্চলটোকে অস্থিৰ কৰি তুলিছে। যুদ্ধ বিৰতি আৰম্ভ হোৱাৰ পিছৰে পৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে শান্তি আলোচনাৰ বাবে ইৰানক আগবঢ়াই আছিল কেইবাটাও প্ৰস্তাৱ বা হেঁচা। কিন্তু আলোচনাৰ পূৰ্বে মাৰ্কিন ৰাষ্ট্ৰপতিজনে দিয়া কেইবাটাও চৰ্তক পোনছাটেই নস্যাৎ কৰিছিল ইৰানে। এই চৰ্তসমূহৰ ভিতৰত বৃহৎ ইউৰেনিয়ামৰ ভাণ্ডাৰৰ প্ৰসংগ আছিল মূল বিষয়। যাৰ বাবে ইৰানে আমেৰিকাৰ সৈতে শান্তি আলোচনাৰ বাবে আগ্ৰহী নাছিল। শেহতীয়াকৈ ইৰানৰ এই বিলম্বৰ বাবে অগ্নিশৰ্মা ট্ৰাম্পে অতি আক্ৰমণাত্মক মন্তব্য আগবঢ়াই কয়- ‘ইৰানে বুজাবুজি চুক্তিক লৈ হ’বলগীয়া আলোচনাৰ বাবে বহু সময় নষ্ট কৰিলে। দুয়োখন দেশৰ আলোচনাৰ ফলত সৰ্বাধিক লাভ ইৰানেই ল’ব পাৰিলেহেঁতেন, কিন্তু আলোচনাৰ ক্ষেত্ৰত তেওঁলোকে এই পৰ্যন্ত কোনো পদক্ষেপ লোৱা দেখা নগ’ল, দেখা নগ’ল কোনো ধৰণৰ আগ্ৰহ। যাৰ ভয়ংকৰ পৰিণাম তেওঁলোকে ভুগিবলৈ সাজু থাকক’। ট্ৰাম্পে লগতে ইৰানৰ সাম্প্ৰতিক সৈন্য শক্তি সন্দৰ্ভত কয় যে- ইৰানৰ সৈন্য শক্তি এতিয়া দুৰ্বল হৈ পৰিছে। তেওঁলোকৰ নৌ-সেনা আৰু বায়ুসেনাৰ গুৰুত্বপূৰ্ণ অংশ ইতিমধ্যে ধ্বংস হৈ পৰিছে।

বুধবাৰৰ পৰা মধ্য-প্ৰাচ্যত পুনৰ ধ্বং*সলীলাৰ আৰম্ভণি!

ইপিনে আজি পুৱা মধ্য প্ৰাচ্যত এখন মাৰ্কিন হেলিকপ্টাৰ ভূপতিত হোৱাৰ পিছতে আমেৰিকাই ইয়াৰ বাবে ইৰানক জগৰীয়া কৰে আৰু ইৰানৰ বিৰুদ্ধে পুনৰ এয়াৰষ্ট্ৰাইক আৰম্ভ কৰে। আমেৰিকাৰ এই আক্ৰমণৰ পিছতে ইৰানেও ইয়াৰ প্ৰত্যাক্ৰমণ কৰে। লগে লগে মধ্যপ্ৰাচ্যত দুয়োখন দেশৰ সৈনিক গতিবিধি পুনৰ বৃদ্ধি পাইছে। ইৰানেও জৰ্ডান, বাহৰেইন আৰু কুৱেইটস্থিত আমেৰিকাৰ সৈন্য ঘাটিক টাৰ্গেট কৰি আক্ৰমণ কৰে।
ইতিমধ্যে ইৰানৰ তেনে ৫টা মিছাইল জৰ্ডানে ভূপতিত কৰাৰ দাবী কৰিছে। জৰ্ডানে দাবী কৰিছে যে ইৰানে জৰ্ডানস্থিত মুৱফ্ফাক ছাল্টী এয়াৰবেছক টাৰ্গেট কৰি মিছাইলেৰে আক্ৰমণ কৰিছিল যত আমেৰিকান F-35 ফাইটাৰ জেটসহ আন কেইবাখনো আমেৰিকান যুদ্ধ বিমান ৰখা হৈছিল। আমেৰিকাৰ পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত মাৰ্কিন সেনাৰ চেণ্ট্ৰেল কমাণ্ডৰে সদৰী কৰিছে যে আমেৰিকাই ইতিমধ্যে ইৰানৰ কেইবাটাও বায়ু আৰু নৌসেনাৰ ঘাটি, এয়াৰ ডিফেন্স ছিষ্টেম, গ্ৰাউণ্ড কণ্ট্ৰল ছিষ্টেম আৰু ছৰ্ভিলেন্স ৰাডাৰ ছাইটক টেৰ্গেটত ৰখা হৈছে।
এই প্ৰতিবেদনটো যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Donald Trump
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক
জীৱনশৈলী

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

October 17, 2026
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!
বিনোদন

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

October 17, 2026
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ
ভাৰত

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

October 17, 2026
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই
জীৱনশৈলী

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

October 17, 2026
Next Post
ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব 'চুপা-চুপি'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.