শনিবাৰে সন্ধিয়াৰ পৰা আৰম্ভ হৈছে আই পিএল৷ আইপিএলৰ আৰম্ভণি ক্ষণতেই ইৰফান পাঠানৰ বাবে আছে বেয়া খবৰ৷ এইবাৰ ধাৰাভাষ্যকাৰৰ যি দল তৈয়াৰ হৈছে এই মেগা ইভেণ্টৰ বাবে এই দলত ৰখা হোৱা নাই ইৰফান পাঠানক৷ দেশৰ প্ৰাক্তন অলৰাউণ্ডাৰৰ বিৰুদ্ধে অভিযোগ যে ধাৰাভাষ্য দিয়াৰ সময়ত পাঠানে ব্যক্তিগতভাৱে খেলোৱৈসকলক সমালোচনা কৰিছে৷
সেই সমালোচনাত তীব্ৰতা ইমানেই বেছি হৈ পৰিল যে বহু ক্ৰিকেটাৰেই তেওঁক বেয়া পোৱা হল৷ সেয়ে পাঠানৰ বিৰুদ্ধে তেওঁলোক একত্ৰিত হৈ থিয় দিছে৷ শুনা গৈছে যে এগৰাকী ক্ৰিকেটাৰক পাঠানে ইমানেই সমালোচনা কৰিলে যে সেই ক্ৰিকেটাৰে ফোন নম্বৰেই ব্লক কৰি দিলে ইৰফানৰ৷
দুবছৰ ধৰি পাঠানে ধাৰাভাষ্য দিছে৷ আৰু ধাৰাভাষ্য দিয়াৰ সময়ত তেওঁ খেলুৱৈসকলক সমালোচনা কৰি থাকে৷ এই অভিযোগ বহু ক্ৰিকেটাৰৰেই৷ শেষত ক্ৰিকেটাৰসকলৰ আপত্তি শুনিয়েই ধাৰাভাষ্যকাৰ টিমৰ পৰা তেওঁক বাহিৰ কৰি দিয়া হৈছে৷ প্ৰথমবাৰ কোনো এজন ধাৰাভাষ্যকাৰক এনেকৈ আঁতৰাই দিয়া হৈছে৷ ইয়াৰ পূৰ্বে সঞ্জয় মঞ্জৰেকৰক আঁতৰোৱা হৈছিল৷ কিংবদন্তি সুনীল গাভাস্কাৰেও প্ৰায়েই ইয়াৰবাবে সমালোচিত হৈছিল৷
ইৰফান পাঠানক ধাৰাভাষ্যকাৰ দলৰ পৰা আঁতৰাই দিয়াৰ পাছতেই তেওঁ এটা ইউটিউব চেনেল খুলিছে৷ তাতেই তেওঁ নিজৰ স্বাধীন মতামত জনাব৷ তাত তেওঁক কোনোৱে বাধা দিব নোৱাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ