• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফোন চাৰ্জ কৰাৰ এই সাধাৰণ ভুলে কমাব পাৰে বেটেৰীৰ আয়ুস! বিশেষজ্ঞৰ সতৰ্কবাণী

ফোন চাৰ্জ কৰাৰ এই সাধাৰণ ভুলে কমাব পাৰে বেটেৰীৰ আয়ুস! বিশেষজ্ঞৰ সতৰ্কবাণী

1 month ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

10 minutes ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

56 minutes ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

2 hours ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

17 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

18 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

18 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

19 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

20 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

20 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

21 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

22 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

ফোন চাৰ্জ কৰাৰ এই সাধাৰণ ভুলে কমাব পাৰে বেটেৰীৰ আয়ুস! বিশেষজ্ঞৰ সতৰ্কবাণী

অন্য ফোনৰ চাৰ্জাৰ ব্যৱহাৰ কৰিলে বেটেৰীৰ ক্ষতি হয় নেকি?

editor by editor
July 3, 2026
in প্ৰযুক্তি, বিজ্ঞান, বিবিধ
0
ফোন চাৰ্জ কৰাৰ এই সাধাৰণ ভুলে কমাব পাৰে বেটেৰীৰ আয়ুস! বিশেষজ্ঞৰ সতৰ্কবাণী
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিকালি প্ৰায় সকলো স্মাৰ্টফোনেই ফাষ্ট চাৰ্জিং সুবিধাৰে আহে। কিন্তু দৈনন্দিন জীৱনত বহু সময়ত আমি নিজৰ চাৰ্জাৰ লগত নাৰাখো। অফিচ, বন্ধু বা আত্মীয়ৰ ঘৰত ফোনৰ বেটাৰী শেষ হৈ আহিলে ওচৰত থকা যিকোনো USB টাইপ-C চাৰ্জাৰ ব্যৱহাৰ কৰি ফোন চাৰ্জ কৰোঁ। ঠিক তেতিয়াই বহু লোকৰ মনত এটা সাধাৰণ প্ৰশ্ন উত্থাপন হয়—মোৰ ফোনে যদি ১৮W ফাষ্ট চাৰ্জিং সমৰ্থন কৰে, কিন্তু মই ৬০W বা তাতোকৈ অধিক ক্ষমতাৰ চাৰ্জাৰ ব্যৱহাৰ কৰোঁ, তেন্তে ফোন বা বেটাৰীৰ কোনো ক্ষতি হ’ব নেকি? প্ৰযুক্তি বিশেষজ্ঞসকলৰ মতে, এই বিষয়টো লৈ অযথা চিন্তা কৰাৰ প্ৰয়োজন নাই। কাৰণ, আধুনিক স্মাৰ্টফোনসমূহ এনেদৰে নিৰ্মাণ কৰা হয় যে ফোনটোৱেই চাৰ্জাৰৰ পৰা কিমান শক্তি ল’ব সেয়া নিজেই নিয়ন্ত্ৰণ কৰে।

ফোনে নিজেই নিৰ্ধাৰণ কৰে কিমান শক্তি ল’ব

বিভিন্ন ৱেবছাইটত প্ৰকাশিত তথ্য অনুসৰি, অধিক ক্ষমতাৰ চাৰ্জাৰ ব্যৱহাৰ কৰিলেই ফোনত অধিক বিদ্যুৎ প্ৰৱেশ নকৰে। বহুতে ভাবে যে ৬০W চাৰ্জাৰে ১৮W সমৰ্থিত ফোনলৈ ৬০W শক্তি ঠেলি দিব। কিন্তু বাস্তৱত এনে নহয়। চাৰ্জাৰে কেৱল বিদ্যুৎ যোগান ধৰে। ফোনটোৰ ভিতৰত থকা চাৰ্জিং কণ্ট্ৰ’লাৰ আৰু পাৱাৰ মেনেজমেণ্ট চিপেই চাৰ্জাৰৰ পৰা প্ৰয়োজন অনুসৰি শক্তি গ্ৰহণ কৰে। অৰ্থাৎ, আপোনাৰ ফোনে যদি সৰ্বাধিক ১৮W চাৰ্জিং সমৰ্থন কৰে, তেন্তে ৬০W, ৬৫W বা ১০০W ক্ষমতাৰ চাৰ্জাৰ লগালেও ফোনটোৱে সৰ্বাধিক ১৮W শক্তিহে ব্যৱহাৰ কৰিব।

বেছি wattৰ চাৰ্জাৰে বেটাৰীৰ আয়ুস কমায় নেকি?

এইটোও বহু ব্যৱহাৰকাৰীৰ মনত থকা এটা ডাঙৰ প্ৰশ্ন। বিশেষজ্ঞসকলৰ মতে বেছি ক্ষমতাৰ চাৰ্জাৰ ব্যৱহাৰ কৰাৰ বাবেই বেটাৰীৰ আয়ুস কমি নাযায়। বৰঞ্চ ফোনটোৰ ভিতৰত থকা সুৰক্ষা ব্যৱস্থাই অতিৰিক্ত কাৰেণ্ট বা তাপৰ পৰা বেটাৰী সুৰক্ষিত ৰাখে। সেয়েহে, মানসম্পন্ন আৰু প্ৰমাণিত চাৰ্জাৰ ব্যৱহাৰ কৰিলে বেটাৰীৰ ওপৰত কোনো বেয়া প্ৰভাৱ নপৰে। কিন্তু এটা বিষয় বিশেষভাৱে মনত ৰাখিব লাগিব। চাৰ্জাৰৰ wattতকৈ ভল্টেজ আৰু চাৰ্জিং প্ৰট’কল অধিক গুৰুত্বপূৰ্ণ। স্মাৰ্টফোনে সমৰ্থন কৰা ভল্টেজ, কাৰেণ্ট আৰু ফাষ্ট চাৰ্জিং প্ৰযুক্তিৰ সৈতে সামঞ্জস্য থকা চাৰ্জাৰ ব্যৱহাৰ কৰাটো সদায় উত্তম। বিশেষকৈ অচিনাকি বা নিম্নমানৰ নকল চাৰ্জাৰ যাক সাধাৰণ ভাষাত Copy বুলি কও, তেনে চাৰ্জাৰ ব্যৱহাৰ কৰাটো পৰিহাৰ কৰিব লাগে। এনে চাৰ্জাৰত প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা নাথাকিবও পাৰে, যাৰ ফলত ফোন বা বেটাৰীৰ ক্ষতি হোৱাৰ আশংকা থাকে।

চাৰ্জ দিয়াৰ আগত গুৰুত্ব দিবলগীয়া কথা

ফোনে যিমান শক্তি সমৰ্থন কৰে, সিমানেই শক্তি চাৰ্জাৰৰ পৰা গ্ৰহণ কৰে। উদাহৰণস্বৰূপে ১৮W ফোনত ৬০W বা তাতোকৈ অধিক ক্ষমতাৰ চাৰ্জাৰ ব্যৱহাৰ কৰাটো সাধাৰণতে সম্পূৰ্ণ নিৰাপদ। অধিক ৱাটৰ চাৰ্জাৰ ব্যৱহাৰ কৰাৰ ফলত বেটাৰীৰ আয়ুস কমি নাযায়। সদায় উন্নত মানৰ, অ’ৰিজিনেল বা বিশ্বস্ত ব্ৰেণ্ডৰ চাৰ্জাৰ ব্যৱহাৰ কৰক।

নকল বা নিম্নমানৰ চাৰ্জাৰ আৰু ক্ষতিগ্ৰস্ত USB কেবল ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। যদি আপোনাৰ হাতত নিজৰ চাৰ্জাৰ নাথাকে আৰু আন কাৰোবাৰ ৬০W বা তাতোকৈ অধিক ক্ষমতাৰ চাৰ্জাৰ ব্যৱহাৰ কৰিবলগীয়া হয়, তেন্তে চিন্তা কৰাৰ কোনো কাৰণ নাই। আধুনিক স্মাৰ্টফোনসমূহ স্মাৰ্ট পাৱাৰ মেনেজমেণ্ট ব্যৱস্থাৰে সজ্জিত। ফলত ফোনটোৱে নিজৰ প্ৰয়োজন অনুসৰিয়েই শক্তি গ্ৰহণ কৰে। অৱশ্যে, অধিক সুৰক্ষাৰ বাবে সদায় উন্নত মানৰ, বিশ্বস্ত আৰু ফোনৰ সৈতে সামঞ্জস্যপূৰ্ণ চাৰ্জাৰ ব্যৱহাৰ কৰাটোৱেই বুদ্ধিমানৰ কাম।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Mobile
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…
বাণিজ্য

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

August 17, 2026
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী
জীৱনশৈলী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

August 17, 2026
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ
জীৱনশৈলী

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

August 17, 2026
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ
বিবিধ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

August 16, 2026
Next Post
অফিচত সকলোৱে কৰিব ভয়, মাত্ৰ মানি চলক চাণক্যৰ এই নীতি!

অফিচত সকলোৱে কৰিব ভয়, মাত্ৰ মানি চলক চাণক্যৰ এই নীতি!

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

অহা সপ্তাহত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, ভাংগাই দিলে ভৱিষ্যদ্বাণী!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.