অসম লাইভ ২৪ঃ বৰ্তমান সময়ত টুইটাৰৰ সৰ্বাধিক চৰ্চিত বিষয়টো হৈছে লুডু। এটা ডাঙৰ প্ৰশ্ন, ভাগ্য নে দক্ষতাৰ খেল লুডু? লুডু খেলাৰ সময়ত প্ৰায়ে এই প্ৰশ্নৰ উদয় হয়। বিজয়ী খেলুৱৈয়ে খেলৰ সময়ত চতুৰ কৌশল প্ৰয়োগ কৰে নে সকলো ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰে সেই প্ৰশ্নৰ উত্তৰ বিচাৰি উচ্চ ন্যায়ালয়ত আৱেদন মহাৰাষ্ট্ৰৰ এজন যুৱকৰ। বিশেষকৈ অনলাইন গেম এপ্লিকেচন লুডু চুপ্ৰিমৰ নিৰ্মাতাৰ বিৰুদ্ধে জনাইছে এই আৱেদন। যুৱকৰ আৱেদনৰ ভিত্তিত বম্বে হাই ক’ৰ্টত বিচাৰাধীন হৈ আছে এই প্ৰসংগ। কেশৱ মোলে নামৰ এজন যুৱকে আৱেদন জনাইছে ব’ম্বে উচ্চ ন্যায়ালয়ত। ‘লুডু সুযোগৰ খেল, দক্ষতাৰ খেল নহয়’ এই ঘোষণাৰ আহ্বানেৰে কেশৱ মোলেই দ্বাৰস্থ হৈছে ন্যায়ালয়ৰ। ন্যায়াধীশ এচ এচ চিনডে’ আৰু অভয় আহুজাৰ বিচাৰপীঠে মহাৰাষ্ট্ৰৰ ৰাজ্যিক অধিকৰ্তাৰ পৰা ২২ জুনৰ ভিতৰত উত্তৰ বিচাৰি জাননী জাৰি কৰিছে। আৱেদনকাৰীয়ে ২০২০ চনৰ নবেম্বৰত স্থানীয় আৰক্ষীক গেম নিৰ্মাতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আৱেদন জনাইছিল। ভাৰতীয় দণ্ডবিধি আইনৰ ৪১৯ আৰু ৪২০ ধাৰাৰ অধীনত আৰু গেমব্লিং এক্টৰ অধীনত ব্যৱস্থা গ্ৰহণৰ আৱেদন জনাইছিল। স্থানীয় আৰক্ষীৰ সঁহাৰি লাভ নকৰাত পুনৰ বম্বে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে কেশৱ মোলে। বৰ্তমান টুইটাৰৰ ট্ৰেণ্ডিঙত আছে এই প্ৰসংগ। বহু লোকে মীম শ্বেয়াৰ কৰিছে। সম্প্ৰতি ব’ম্বে উচ্চ ন্যায়ালয়ে আৱেদন প্ৰসংগত মহাৰাষ্ট্ৰ চৰকাৰলৈ জাননী জাৰি কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ